গহপুৰৰ লৌগুটিত অভিযুক্তক কৰায়ত্ব কৰিবলৈ যোৱা আৰক্ষী বাহিনীৰ লগত সংঘাটত লিপ্ত স্থানীয় ৰাইজ । ইয়াৰ পাছতে সৃষ্টি হয় এক হুলস্থুলীয়া পৰিস্থিতিৰ ।
আৰক্ষী যোৱাৰ লগে লগে দৌৰা দৌৰি সৃষ্টি হয়,আঘাত প্ৰাপ্ত হয়। আনহাতে , গহপুৰ আৰক্ষীয়ে কোনো লোকক হাৰাশাস্তি নকৰাৰ কথা উল্লেখ কৰে। উল্লেখ্য যে , কিছুদিন পূৰ্বে লৌগুটিত মহিলা আৰক্ষী সহ আৰক্ষী ৰ দল এটাৰ ওপৰত প্ৰায় ২০০ জনীয়া দল এটাই আক্ৰমন কৰিছিল ।এই দলবদ্ধ আক্ৰমনত মহিলা আৰক্ষী সহ তিনিজন আৰক্ষী আহত হৈছিল । আৰক্ষীৰ বহনৰো ক্ষতিগ্ৰস্ত হৈছিল ।
এই সংক্ৰান্তত ৩৫২/২১ এক গোচৰ ৰুজু হৈছিল । আজি এই গোচৰ সংক্ৰান্তত বিশাল আৰক্ষী বাহিনীয়ে অভিযুক্তক কৰায়ত্ব কৰিবলৈ যোৱাৰ সময়তে উতপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । ইতিমধ্যে আৰক্ষীয়ে ৬ অভিযুক্তক আটক কৰিবলৈ সক্ষম হৈছে ।
Tags:
Assam news