ধেমাজি পলিটে্কনিক কলেজৰ চৌহদৰ চৈধ্য বেদখলকাৰী পৰিয়ালক জোনাই মহকুমা প্ৰশাসনৰ উচ্ছেদ অভিযান,ভূমিহীন উচ্ছেদিত পৰিয়ালৰ পুনঃসংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰিব প্ৰশাসনে
চিমেন চাপৰিস্থিত ধেমাজি পলিটে্কনিক কলেজৰ চৌহদত দীৰ্ঘদিন ধৰি বেদখল কৰি থকা চৈধ্যটা পৰিয়ালক আজি জোনাই মহকুমা প্ৰশাসনে উচ্ছেদ অভিমান চলায়। আজি পুৱা ১০ বজাত ধেমাজি জিলাৰ অতিৰিক্ত উপায়ুক্ত(ৰাজহ)তথা জোনাই মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি উৎপল দলে, জোনাই ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ঋতুপল্লৱ বৰুৱা,কাননগু ৰমেন বুঢ়াগোহাঁই, লাট মণ্ডল ৰাজেশ পেগু,জোনাই মহকুমা আৰক্ষী বিষয়া চিমেন চাপৰি আৰক্ষী থানাৰ আৰক্ষী বিষয়া কূলধৰ গগৈৰ নেতৃত্বত আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীয়ে জেচিবি লগাই ধেমাজি পলিটে্কনিক কলেজৰ চৌহদত ঘৰ,দোকান আদি সাজি থকা চৈধ্যটা বেদখলকাৰী পৰিয়ালক উচ্ছেদ অভিযান চলায়। আজি জোনাই মহকুমা প্ৰশাসনে ৰাজু মুছাহাৰী, ৰীণা বসুমতাৰী, ৰীতা স্বৰ্গীয়াৰী,ৰতন নাৰ্জাৰী, অজয় বসুমতাৰী, চিমাং গয়াৰী, বিমল বড়ো,মতিলাল বসুমতাৰী,হৰেশ্বৰ বসুমতাৰী, মন বসুমতাৰী, সতীশ বৰ্মণ, দিলিপ দৈমাৰী, পুটুলী গগৈৰ দোকান, ঘৰ আদি জেচিবি লগাই উচ্ছেদ অভিযান চলায়। স্মৰণীয় যে উচ্ছেদিত পৰিয়াল সমূহক পূৰ্বে কেবাবাৰো জোনাই মহকুমা প্ৰশাসনে বেদখলমুক্ত কৰিবলৈ জাননী জাৰি কৰিছিল। উল্লেখ যে আজি উচ্ছেদিত হোৱা ভূমিহীন পৰিয়ালক প্ৰশাসনে পুনঃসংস্থাপনৰ ব্যৱস্থা কৰিব বুলি জোনাই মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতিয়ে ঘোষণা কৰে।