মাজুলী বিধান সভা সমষ্টিৰ চুড়ান্ত ভোটাৰ তালিকা আজি আনুষ্ঠানিক ভাৱে প্ৰকাশ কৰে মাজুলীৰ উপায়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া পুলক মহন্ত ই।
জিলাখনত থকা ৰাজনৈতিক দল সমূহৰ প্ৰতিনিধি, বি এল অ, চুপাৰভাইজাৰ সকল আৰু সাংবাদিকৰ উপস্থিতিত মাজুলী উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত আয়োজিত এক অনুষ্ঠানত উপায়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া গৰাকীয়ে ৯৯ নং মাজুলী (জনজাতি) বিধান সভা সমষ্টিৰ চুড়ান্ত ভোটাৰ তালিকা ২০২২ প্ৰকাশ কৰে। অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত অৰিন্দম বৰুৱা, নিৰ্বাচনী বিষয়া কেশৱানন্দ টাইদ, মহকুমাধিপতি (সদৰ) ধৃতিমান দাস, সহকাৰী আয়ুক্ত তথা ভাঃ তথ্য আৰু জনসংযোগ বিষয়া বিভাস পাঠক উপস্থিত থাকে। ভাৰতৰ নিৰ্বাচন আয়োগৰ নিৰ্দ্দেশনাত সম্প্ন্ন হোৱা বিশেষ সংক্ষিপ্ত মুঠ ভোটাৰৰ সংখ্যা হৈছে ১,৩২,৪৪৫ গৰাকী । ইয়াৰ ৬৭৪৬৮ গৰাকী পুৰুষ , ৬৪৯৭৭ গৰাকী মহিলা ভোটাৰ। নতুনকৈ ১৮ ৰ পৰা ১৯ বছৰ বয়সৰ ভোটাৰ তালিকাত নামভৰ্তিৰ যুৱক যুৱতীৰ সংখ্যা হৈছে ২৬০৭ গৰাকী আৰু ৮০ বছৰ উৰ্দ্ধৰ ভোটাৰৰ সংখ্যা হৈছে ১৩৪৭ ।এইবাৰ পূৰ্বে প্ৰকাশিত ১৩৩০৯৯ গৰাকী ভোটাৰ সংখ্যাতকৈ মৃত , সমষ্টি সলনি, বিবাহ ইত্যাদি কাৰণবশতঃ বাবে ৬৫৪ গৰাকী ভোটাৰৰ সংখ্যা কমকৈ ভোটাৰ তালিকাত প্ৰকাশ পায়। সমষ্টিটোৰ মুঠ ভোট গ্ৰহণ কেন্দ্ৰ হৈছে ১৯৫ টা। চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰি মাজুলীৰ উপায়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া মহন্তই ঘোষণা কৰে যে, নিৰ্বাচনী আয়োগৰ বিধি অনুসৰি চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশৰ পাছতো আসন্ন উপ-নিৰ্বাচনৰ প্ৰাকক্ষণলৈকে যোগ্য ভোটাৰ সকলৰ নামভৰ্তিৰ বাবে নিয়মীয়া সংশোধনী প্ৰক্ৰিয়া অব্যাহত থাকিব। জিলাখনৰ এগৰাকীও যোগ্য ভোটাৰ যাতে ভোটাধিকাৰ সাব্যস্ত কৰাৰ সুযোগৰ পৰা বঞ্চিত হব লগা নহয় আৰু কোনো অযোগ্য ভোটাৰৰ নাম তালিকাত সন্নিৱিষ্ট হৈ নাথাকে সেয়া সুনিশ্চিত কৰিবলৈ প্ৰতিগৰাকী ভোট কেন্দ্ৰ পয্যায়ৰ বিষয়াৰ (বি এল অ) নিজ ভোট কেন্দ্ৰৰ এলেকাৰ প্ৰতিটো পৰিয়ালৰ ঘৰলৈ গৈ খবৰ কৰাৰ বাবে উপায়ুক্ত গৰাকীয়ে নিৰ্দ্দেশ দিয়ে।