Share on Facebook

টি এম এম কে ৰ ৩১ তম প্ৰতিষ্ঠা দিৱস আৰু ১০ সংখ্যক কেন্দ্ৰীয় অধিবেশনৰ প্ৰস্তুতি :

 দেৰগাঁৱৰ বৰমুকলিত ৮,৯ আৰু ১০ জানুৱাৰীত টাকাম মিছিং মিমে কেবাং( টি এম এম কে) ৰ ৩১ তম প্ৰতিষ্ঠা দিৱস আৰু ১০ সংখ্যক কেন্দ্ৰীয় অধিবেশনৰ প্ৰস্তুতি :



প্ৰতিনিধিয়ে দুপালি প্ৰতিষেধ লব লাগিব 

নিৰ্মাণ কৰিছে চেল্ফি জ'ন :: মিচিং জনগোষ্ঠীয় খাদ্য মেলা

সদৌ মিছিং মহিলা সমিতি(টাকাম মিচিং মিমে কেবাং) চমুকৈ টি এম এম কেৰ ৩১তম প্ৰতিষ্ঠা দিৱস টি এম এম কে) ৰ ৩১ তম প্ৰতিষ্ঠা দিৱস আৰু ১০ সংখ্যক কেন্দ্ৰীয় অধিবেশনৰ প্ৰস্তুতি : ১০ সংখ্যক কেন্দ্ৰীয় অধিবেশন খনি এইবাৰ দেৰগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰমুকলিস্থিত লাখেৰাজ জনজাতি হাইস্কুলৰ খেলপথাৰত ৮, ৯ আৰু ১০ জানুৱাৰীত অনুষ্ঠিত কৰাৰ ব্যাপক প্ৰস্তুতি চলোৱা হৈছে। এই উদ্দেশ্যেই মিছিং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য পুৰুষোত্তম দলেক সভাপতি  হিচাপে লৈ এখন শক্তিশালী অভ্যৰ্থনা সমিতি গঠন কৰি প্ৰতিষ্ঠা দিৱস আৰু কেন্দ্ৰীয় অধিবেশনৰ ব্যাপক প্ৰস্তুতি চলাইছে। অভ্যৰ্থনা সমিতিৰ সভাপতি পুৰুষোত্তম দলে জানিবলৈ দিয়া মতে অধিবেশনত অসমৰ ১৪খন জিলাৰ পৰা পোন্ধৰ শ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব। ইপিনে কভিড প্ৰটক'লৰ মাজেৰে পোন্ধৰ শ প্ৰতিনিধি বহিব পৰাকৈ নিৰ্মাণ কৰা হৈছে বৃহৎ সভাগৃহ। মিছিং মহিলা বয়ন শিল্পক প্ৰতিকী আকাৰে দাঙি ধৰি আটকধুনীয়াকৈ সজাই তোলা হৈছে মূল প্ৰৱেশদ্বাৰ। মূল মণ্ডপৰ সন্মুখত নিৰ্মাণ কৰা হৈছে মিছিং সকলৰ কলা সংস্কৃতিৰ আত্মা স্বৰূপ এটি স্থায়ী মূৰংঘৰ।টি এম এম কেৰ ৩১তম প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি ১০ জানুৱাৰীত একেলগে ১৭১ খন পতাকা উত্তোলন কৰিব পৰাকৈ আটকধুনীয়াকৈ ব্ৰহ্মপুত্ৰৰ বালি আৰু বাঁহেৰে তৈয়াৰ কৰিছে পাতাকা উত্তোলন বেডি।  প্ৰায় পোন্ধৰ বিঘাতকৈ অধিক মাটি কালিৰে আগুৰা অধিবেশনস্থলীত এটি আকৰ্ষণীয় কেন্দ্ৰীয় বিন্দু হব টি এম এম কেৰ প্ৰতিকী চিহ্নৰে প্ৰায় পোন্ধৰ ফুট উচ্চতাৰে নিৰ্মাণ কৰা চেল্ফি জ'ন। 


MISING LUTAD (NEWS)

MISING ENTERTAINMENT CHANNEL This is based on mising people (tani) for entertaining purpose, music videos, episodes, films on mising entertainment channels. all videos are originals of Mising entertainment channel. and we are trying to exposed our mising culture, language to the globalization world, where we can also present our showcase to the world that we are exist in world as a called MISING COMMUNITY is sub caste of Assam regions in East side of India.

Post a Comment

please do not enter the any spam link in to comment box

Previous Post Next Post