লখিমপুৰ জিলাৰ বগীনদী বিহদিয়া মিচিং গাওঁত ভয়ংকৰ অগ্নিকাণ্ড , দুটা ধানৰ ভঁৰাল জুইত জাহ গ'ল।
আজি আবেলি প্ৰায় চাৰি বাজি ত্ৰিশ মিনিটত লখিমপুৰ জিলাৰ বগীনদী বিহদিয়া মিচিং গাঁৱৰ বলু পায়েং আৰু ধৰ্ম মিলিৰ দুটা ধানৰ ভৰাল কাৰেন্টৰ চৰ্ট চাৰ্কিট হোৱাৰ ফলত সম্পূৰ্ণ ৰূপে জুইত জাহ গ'ল। পিছত ফায়াৰ ব্ৰিগেদৰ গাড়ীয়ে জুই নুমাই দিয়াৰ খবৰ ইতিমধ্যে আহিছে।খবৰ অনুসৰি কমেও দুই লাখ টকাৰ ধান জুইত জাহ যোৱাৰ ঘটনা পোহৰলৈ আহিছে।
Tags:
Lakhimpur news