মিচিং আগম কৌবাঙৰ উদ্যোগত ছমহীয়া মিচিং ভাষাৰ পাঠ দান তথা পৰীক্ষাৰ বাবে আৰ্হি কাকত "কাঃয়িৰ পতিন " শুভ উন্মোচন
গোগামুখ বাংকে আগম কৌবাঙৰ উদ্যোগত মিচিং আগম কৌবাঙৰ কেন্দ্ৰীয় পুথিভঁৰাল টাবুৰাম টাইদ ক্ষেত্ৰত গ্ৰন্থ উন্মোচন কৰা হয়।মিচিং আগম কৌবাঙৰ উদ্যোগত ছমহীয়া মিচিং ভাষাৰ পাঠ দান তথা পৰীক্ষাৰ বাবে আৰ্হি কাকত "কাঃয়িৰ পতিন " শুভ উন্মোচন কৰে মিচিং আগম কৌবাঙৰ প্ৰাক্তন সম্পাদক তথা অসম চৰকাৰৰ সাহিত্যিক পেঞ্চনাৰ কালিনাথ পাংগিঙে ।গোগামুগ বাংকে আগম কৌবাঙৰ সম্পাদক জয়প্ৰকাশ পেগুৱে আত ধৰা গ্ৰন্থ উন্মোচনী অনুষ্ঠানত অংশগ্ৰহন কৰে মিচিং আগম কৌবাঙৰ প্ৰাক্তন কোষাধ্যক্ষ ভব দলে, অবনৰী বাংকে আগম কৌবাঙৰ সম্পাদক ৰাজ কুমাৰ চিন্তে, অসম চৰকাৰৰ ভাষা গৌৰৱ লেখক সন্মান প্ৰাপ্ত সুবনশিৰি কলেজৰ প্ৰবক্তা দুষ্যন্ত নৰহ, অসম চৰকাৰৰ ভাষা গৌৰৱ লেখক সন্মান প্ৰাপ্ত মিচিং আগম কৌবাঙৰ গ্ৰন্হগাৰিক নিৰ্মল নৰহ,গোগামুখ বাংকেৰ সহ সম্পাদক ৰমা দলে লগতে বহুকেইজন শিক্ষাৰথী সভাত উপস্থিত থাকি সভাখনিৰ সাফল্য মণ্ডিত কৰে। ।