মাজুলীৰ বৰগুৰিৰ প্ৰহ্লাদ হলিবৰ পগাগ লত্তাত বৰ্ণাঢ্য কাৰ্যসূচীৰে পগাগ অৃৰাং ৰ অধিবেশন সম্পন্ন ।
পগাগ অৃৰাং ৰ প্ৰথম পঞ্চবাৰ্ষিক কেন্দ্ৰীয় অধিবেশন খন মাজুলীৰ বৰগুৰিৰ প্ৰহ্লাদ হলিবৰ ক্ষেত্ৰত দুই দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয়। বিভিন্ন খাদ্য সম্ভাৰ যেনে পঃৰ আপং এগ আদিন বানামকে আদি কৰি বিভিন্ন ধৰণৰ খাদ্যৰে অতিথিক আপ্যায়ন কৰা পৰিলক্ষিত হয়। প্ৰথম দিনা কেন্দ্ৰীয় কমিটীৰ অন্তিম খন কৗবাং আৰু নিশা প্ৰতিনিধি সভাত পগাগ অৃৰাং ৰ গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। দ্বিতীয় দিনা পুৱা পতাকা উত্তোলন কৰে কেন্দ্ৰীয় কমিটীৰ সভাপতি উত্তম পগাগ দেৱে। পৰবৰ্তী শ্বহীদ তৰ্পণকে আদি কৰি বিভিন্ন কাৰ্য্যসূচী ৰূপায়ন কৰা হয়। শদিয়াৰ পৰা ভৰলীলৈ লৰৗলি, চৗল্লয়া, গুমৰাগ আদি নৃত্যৰে মুখৰিত হৈ পৰে পগাগ অৃৰাং ৰ কেন্দ্ৰীয় অধিবেশন।
Tags:
Art & culture