বি-টি-আৰ চুক্তিক বি-পি-এফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ বিৰোধীতাৰ বাবে বাস্তৱ ৰূপায়ণত লেহেমীয়া হৈছে : প্ৰমোদ বড়ো ।
বি-টি-আৰ চুক্তিক বি-পি-এফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ বিৰোধীতা কৰাৰ বাবে দফাসমূহ বাস্তৱ ৰূপায়নত লেহেমীয়া হৈছে ।আচলতে তেওঁলোকেও বি-টি-এডি চুক্তি কৰিছিল কিন্তু আমি ইয়াক বিৰোধীতা কৰা নাই কথা হল যাৰ দিনত যিমান যি উন্নয়ন হল হল এয়া আমাৰেই উন্নয়ন বুলি প্ৰকাশ কৰি এন-ডি-এফ-বিৰ সভাপতি ৰঞ্জন দৈমাৰী বি-টি-আৰ চুক্তিৰ পূৰ্বতেই আইনগত ভাবে সোমাই পৰিছিল সেয়ে অলপ অসুবিধা হৈছে তেওঁৰ মুকলি ব্যৱস্থাৰ বাধা আহিছে বুলি কয় ।বি-টি-আৰ প্ৰধান প্ৰমোদ বড়োই ।
আজি বি-টি-আৰৰ ৰাজধানী কোকৰাঝাৰ জিলাৰ দোতোমাত বি-টি-আৰ চুক্তিৰ দ্বিতীয় বৰ্ষ পুৰ্তিৰ দিনটোত শ্বহীদ উপেন্দ্ৰ নাথ ব্রহ্মৰ শ্বহীদ স্তম্ভত পুষ্প মাইল্য দান কৰি সাংবাদিকৰ আগত বি-টি-আৰ প্ৰধান প্ৰমোদ বড়োই বি-টি-আৰ চুক্তিক শুভেচ্ছা জনাই এন-ডি-এফ-বিৰ চাৰিহাজাৰৰ অধিক নেতা সদস্যৰ পুনৰ সংস্থাপন ব্যৱস্থা চলি আছে যদিও কিছুমান নেতা সদস্যৰ আইনগত অসুবিধাৰ বাবে কিছু লেহেমীয়া হৈছে । তেওঁ কয় বি-টি-আৰ চুক্তি মতে নিযুক্তি শিক্ষা লগতে বিদ্যালয় -মহাবিদ্যালয়সমূহৰ আন্তঃ গাঁঠনিৰ কাম চলি আছে ।বাকী উন্নয়নৰ দিশত বি-টি-আৰ উন্নয়ন বিভাগে মুখ্যমন্ত্ৰী ডঃ হেমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মতে কাম কাজ চলি আছে বুলি প্ৰকাশ কৰে ।