Share on Facebook

জয়মতী দিৱস উদ যাপন …


বিগত বছৰবোৰৰ দৰে এইবাৰো ,বঙাইগাঁও শোধনাগাৰ উপনগৰী সমন্বয় সংস্থাই  বাৰেৰহণীয়া কাৰ্যসূচীৰে "জয়মতী দিৱস "উদ্ যাপন কৰে ।

তদুপলক্ষে শোধনাগাৰ বিনোদন কেন্দ্ৰৰ প্ৰেক্ষাগৃহত

২৭ মাৰ্চৰ সন্ধিয়া বন্তি প্ৰজ্বলন ,স্মৃতি তৰ্পণৰে মহীয়সী গৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰা হয় ।



সাংস্কৃতিক কাৰ্যসূচীৰ পূৰ্বে  সৰ্বাংগসুন্দৰ প্ৰাচীৰ পত্ৰিকা "সমন্বয়ৰ সমলয় " উন্মোচন কৰি বঙাইগাঁও শোধনাগাৰৰ জি এম এইচ আৰ চন্দ্ৰিমা শৰ্মাই হীৰুদাৰ কবিতা পাঠ কৰে । 

জিএম এইচ আৰ  সীতা বৰুৱাকে মূখ্য কৰি  শোধনাগাৰ কৰ্ত্তৃপক্ষৰ বহুকেইগৰাকী  বিষয়ববীয়া আৰু বিশিষ্টা মহিলাৰ উপস্থিতিত  সমন্বয়ৰ সাহিত্য বিভাগে যুগুতাই প্ৰকাশ কৰা স্মৰণিকা "জেৰেঙা" উন্মোচন কৰে "উপনগৰীৰ প্ৰথম মহিলা" ৰশ্মিতা বৰুৱাই । 

     সাংস্কৃতিক কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় "নতুন যুগৰ নাৰী আমি গাওঁ পোহৰৰ গান" শীৰ্ষক সমবেত সংগীতেৰে । ক্ৰমান্বয়ে বৰগীত , দলীয় আধুনিক নৃত্য , বড়ো নৃত্য  আৰু বিহু নৃত্য পৰিৱেশন কৰে সম্বয়ৰ সদস্যা সকলে । 

সাংস্কৃতিক কষৰ্যসূচীৰ মূখ্য আকৰ্ষণ আছিল সতী জয়মতীৰ জীৱন ভিত্তিক এখনি গীতি আলেখ্য ।

    প্ৰতিটো কাৰ্যসূচী অতি সুন্দৰ আৰু আকৰ্ষণীয় ৰূপত সজাই তোলা সমন্বয়ৰ শিল্পীসকলক উপস্থিত দৰ্শকে ভূয়সী প্ৰশংসা কৰে ।

মঞ্চসজ্জা ,অতিথি আপ্যায়ণৰ ব্যৱস্থাও অতি কলাসুলভ আৰু সোৱাদ ভৰা আছিল বুলি উপস্থিত বিশিষ্ট অতিথি সকলে একেমুখে স্বীকাৰ কৰে ।

   ২০০৫ চনত জয়মতী দিৱস উদ্ যাপনেৰে আত্মপ্ৰকাশ কৰা উপনগৰীৰ সমন্বয় মহিলা সংস্থাই বিভিন্ন সময়ত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰি অহাৰ লগতে সমাজকল্যণমূলক কামকাজতো আগভাগ লৈ আহিছে ।

ষ্টাফ ৰিপৰ্টাৰ বঙাইগাঁও, প্ৰফুল্ল কুমাৰ দাস।

MISING LUTAD (NEWS)

MISING ENTERTAINMENT CHANNEL This is based on mising people (tani) for entertaining purpose, music videos, episodes, films on mising entertainment channels. all videos are originals of Mising entertainment channel. and we are trying to exposed our mising culture, language to the globalization world, where we can also present our showcase to the world that we are exist in world as a called MISING COMMUNITY is sub caste of Assam regions in East side of India.

Post a Comment

please do not enter the any spam link in to comment box

Previous Post Next Post