বিশ্বনাথ জিলাৰ বিহালীৰ শিয়ালমাৰীৰ MIB ভাটাৰ বিৰুদ্ধে গৰজি উঠিল মানৱ অধিকাৰ সংগ্ৰাম সমিতি ।
গৰুৰ গোহালি সদৃশ ঘৰত শ্ৰমিক ৰখাৰ অভিযোগ বিশ্বনাথ জিলা মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ।
বিশ্বনাথৰ বিহালীৰ বিভিন্ন প্ৰান্তৰ ইটা ভাটা সমুহৰ মালিকৰ মইমতালিৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল মানৱ অধিকাৰ সংগ্ৰাম সমিতি ।
স্ব ইচ্ছাই খেতি পথাৰৰ মাটি খান্দি খেতিৰ উৎপাদন হ্ৰাস হোৱা।
শিশু শ্ৰমিক নিয়োগ কৰি মানৱ অধিকাৰ ভঙ্গ কৰা ।
অস্বাস্থ্যকৰ পৰিবেশত শ্ৰমিক ৰখা।
ভাটা সমুহত অনাময় অৰ্থাৎ প্ৰস্ৰাৱ পাইখানা গৃহ নথকা।
মাটি খান্দাৰ নামত প্ৰকাণ্ড প্ৰকাণ্ড পুখুৰী সদৃশ জলাশয় সৃষ্টি কৰা।
একোখনকৈ সৰু গৰুৰ গোহালি সদৃশ টিন বেৰৰ কোঠাত ছয়, সাত জনীয়া পৰিয়াল ৰখা।
আদি এশ এবুৰি দুৰ্নীতি ভাটা সমুহে কৰাৰ অভিযোগ তুলিছে মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ বিশ্বনাথ জিলা কমিটিয়ে। এইক্ষেত্ৰত বিভিন্ন ভাটা সমুহৰ লগতে বিহালীৰ শিয়ালমাৰীৰ MIB নামৰ ভাটা খনৰ মালিক মফিজুল আলিয়ে শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছে। । এই ক্ষেত্ৰত MIB ভাটাৰ মালিক মফিজুল আলিৰ বিৰুদ্ধে অতি শীঘ্ৰেই মহকুমা প্ৰশাসন আৰু জিলা উপায়ুক্তক ব্যৱস্থা গ্ৰহণৰ দাবী তুলিছে মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ বিশ্বনাথ জিলা কমিটিয়ে।