কোকৰাঝাৰৰ বডোফা নগৰ BTC চেক্ৰেটেৰীয়েটৰ মুখ্য দ্বাৰৰ সন্মুখত BTR অঞ্চলত LP আৰু UP ৰ সমূহ শিক্ষকৰ পদ মোকলাই দি BTR বাসিন্দাক প্ৰথম প্ৰাধান্যৰে নিযুক্তি দিয়াৰ দাবীত ALL BTR TET QUALIFIED ASSOCIATION-ৰ ২ ঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ন।
BTR- অঞ্চলত LP, UP শিক্ষকৰ খালী পদ মোকলাই দিয়াৰ দাবীত বিভিন্ন শ্লোগান দি কপাই তুলিছে কোকৰাঝাৰৰ আকাশ বতাহ।
আজি কোকৰাঝাৰৰ বডোফা নগৰ BTC চেক্ৰেটেৰীয়েটত ৰাতিপুৱা ১১ বজাৰ পৰা দুপৰীয়া ১ বজালৈ BTR অঞ্চলত নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ অসমীয়া আৰু বড়ো মাধ্যমৰ লগতে সকলো মাধ্যমৰ শিক্ষকৰ খালী পদ সমূহ মোকলাই দিয়াৰ দাবীত অল বিটিআৰ টেট কুৱালিফাইড এচোছিয়েশ্যনৰ উদ্যোগত ২ ঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে। আজিৰ এই কাৰ্যসূচীত বিটিআৰ অঞ্চলৰ পাঁচখন জিলাৰ পৰা প্ৰায় সহস্ৰাধিক টেট উত্তীৰ্ণ প্ৰাৰ্থীয়ে পৰিৱেশ উত্তাল কৰি তোলাৰ লগতে WE WANT JUSTICE, NO RECRUITMENT NO TET, অতি শীঘ্ৰেই BTR-ত LP, UP শিক্ষকৰ সমূহ পদ মোকলাই দিয়ক, সকলো বিদ্যালয়ত পৰ্যাপ্ত পৰিমাণৰ শিক্ষক নিযুক্তি দিয়ক, ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত সুৰক্ষিত কৰক, অবৈধ শিক্ষক নিযুক্তি বন্ধ কৰক, আমাৰ দাবী ন্যায্য দাবী আদি বিভিন্ন শ্লোগান দিয়া পৰিলক্ষিত হয়। শ্বাহ জাহান আলিয়ে আটধৰা ধৰ্ণা কাৰ্যসূচীত অল বিটিআৰ টেট কুৱালিফাইড এচোছিয়েশ্যন সভাপতি কৰেন্দ্ৰ ৰয়, সাধাৰণ সম্পাদক ধ্ৰুৱজ্যোতি ৰয়, ছাঞ্চুমা কুমাৰ ব্ৰহ্মকে আদি কৰি BTR অঞ্চলৰ সহস্ৰাধিক টেট উত্তীৰ্ণ প্ৰাৰ্থী উপস্থিত থাকে।