ৰাভা ভাতৃদ্বয়ৰ সফলতাত উৎফুল্লিত নৈপৰীয়া কয়লালীৰ ৰাইজ ৷
ধেমাজি জিলাৰ জোনাই মহকুমাৰ অন্তৰ্গত মেছাকী কল্যালী গাঁৱৰ দুই ভাতৃ ক্ৰমে ফুলেশ্বৰ ৰাভা আৰু পৱন ৰাভাই কেৰেলাত অনুষ্ঠিত Body Filter 2nd Chempionship ত Silver Medel পাই অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ।
আজিৰ আধুনিক যুগতো ৰেলৰ উকিয়ে গৈ নোপোৱা ব্ৰহ্মপুত্ৰৰ কয়লালী ছাপৰি বাসিন্দা কৰ্মসূত্ৰে সুদুৰ কেৰেলা গৈ এই খেলত বিজয়ী হোৱাত এই কথা প্ৰমাণ হৈছে কৰিছে যে মনৰ ইচ্ছা থাকিলে কোনো বাধাই সফলতাৰ প্ৰাচীৰ কৰিব নোৱাৰে ।
মেছাকী কল্যালী গাঁৱৰ দুই ভাতৃ ফুলেশ্বৰ ৰাভা আৰু পৱন ৰাভাই এক বছৰ আগতে কৰ্মৰ সন্ধানত বহি ৰাজ্যলৈ ঢাপলি মেলিছিল । কৰ্মৰ মাজতে সেই খেলত অংশগ্ৰহণ কৰি Silver Medel পাবলৈ সক্ষম হৈছে ।
বৰ্তমানো পূৰ্বৰ কৰ্মতে ব্যস্ত মেছাকী কল্যালী গাঁৱৰ দুই ভাতৃ ফুলেশ্বৰ ৰাভা আৰু পৱন ৰাভা ।