হেলেমৰ জৰীগুৰীত অঘটন : ইন্দ্ৰধনুষ গেছলাইনৰ ছয় লক্ষাধিক টকা লৈ পৰপুৰুষলৈ পলায়ন দুই সন্তানৰ মাতৃ।
ইন্দ্ৰ ধনুষ গেছ পাইপ লাইন আৰু পাৱাৰ গ্ৰীডৰ টাৱাৰ নিৰ্মাণে কাৰোবাৰ বাবে ভাল হল আৰু আন কাৰোবাৰ বাবে কাল হ ল। ইন্দ্ৰ ধনুষ গেছ পাইপ লাইনৰ ধন পাই কোনোবাই যদি পকী ঘৰ সাজিছে, আন কোনোবাই আকৌ গাড়ী কিনিছে। আনফালে কোনোবাই গেছ পাইপ লাইন আৰু পাৱাৰ গ্ৰীডৰ টকাক লৈ ভাই ভাই মাজত কাজিয়া হৈছে কোনোবাৰ আকৌ নিজ স্বামীক এৰি ধন লৈ পৰ পুৰুষৰ সৈতে পলাই গৈছে। এই সকলোবোৰ সংঘটিত হৈছে এইখন অসমতেই। ঠিক অনুৰূপ ঘটনা সংঘটিত হৈছে হেলেমৰ জৰিগুৰিত। জৰিগুৰিত ইন্দ্ৰ ধনুষ গেছ পাইপ লাইনৰ ধনেই কাল হ ল এজনৰ। লোক জনৰ নাম ফনীধৰ মিলি। গেছ পাইপ লাইনৰ পৰা পোৱা সমুদায় ধন লৈ পত্নী পলাল পৰ পুৰুষৰ সৈতে। ১৬ বছৰে সুখৰ সংসাৰ কৰিছিল ফনীধৰ আৰু ৰেখাই ৷ দুয়োৰে মৰমৰ চিনাকী ৰূপে এটি পোন্ধৰ বছৰীয়া পুত্ৰ আৰু এজনী বাৰ বছৰীয়া কন্যা সন্তানো জন্ম হৈছিল ৷ বিগত ১৬ বছৰে সুখৰ সংসাৰ কৰিছিল দুয়ো ৷ পিছে শেহতীয়াকৈ ইন্দ্ৰধনুষ গেছৰ পাইপলাইনৰ পৰা ৬ লাখ ৬০ হাজাৰ টকা লাভ কৰাটোৱেই কাল হল মিলি দম্পতীৰ ৷ হাতলৈ টকা অহাৰ লগে লগেই পন্তী ৰেখা মিলিৰ পিৰিকটি লৰিল ৷ সমুদায় ধন একাউণ্টৰ পৰা উথাই গোলাঘাটৰ ৰঙাগড়াৰ জনৈক অনিল দলে নামৰ এজন পৰপুৰুষৰ লগত সোনৰ সংসাৰ কৰিবলৈ ১৩ মাৰ্চ তাৰিখে পলায়ন কৰিলে ৰেখা দলেই ৷ সম্প্ৰতি দুটি সন্তানক বুকুত বান্ধি এক বেদনাদায়ক জীৱন অতিবাহিত কৰিছে স্বামীফনীধৰে ৷ আনহাতে নিজৰ সন্তান দুটিৰ ভৱিষ্যতৰ বাৱেই স্বামী ফনিধৰে নিজ পত্নী ৰেখাক পুনৰ গৃহলৈ উভটি অহাৰ আহ্বান জনাইছে ৷ ইতিমধ্যে হেলেম আৰক্ষী থানা, বিহালী আৰক্ষী থানা, গোলাঘাট আৰক্ষী থানাত পৃথকে পৃথকে তিনিখনকৈ এজাহাৰ দাখিল কৰিছে ভুক্তভোগী স্বামীয়ে ৷