বিশ্বনাথৰ জিনজীয়া আৰক্ষীৰ বৃহত সাফল্য ৷
নিশা বিশ্বনাথৰ অতিৰিক্ত আৰক্ষী অধীক্ষক নেতৃত্বত জিনজিয়া আৰক্ষী আৰু বিশ্বনাথ সদৰ আৰক্ষীৰ এক বিশেষ অভিযানত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৰতোৱাত জব্দ কৰে এখন সুৰা ভৰ্তি ট্ৰাক । অৰুণাচলৰ বান্দৰদুৱাৰ পৰা তেজপুৰ অভিমুখে আহি থকা AS 25EC 2017 নম্বৰৰ ট্ৰাকখনে কঢ়িযাই আনে ৭০০ ৰো অধিক কাৰ্টুন অৰুণাচলী বিয়েৰ । ট্ৰাকখনে হালধি অনা চালান দেখুৱাই যদিও আৰক্ষীৰ সন্দেহ হয় , আৰু তালাচী চলাই ধানৰ চাপৰ বস্তাৰ মাজত অতি কৌশলৰে লুকাই আনে অবৈধ অৰুণাচলী বিয়েৰ ৷ ইতিমধ্যে গাড়ী খনৰ চালকসহ তিনিজনক আটক কৰে ৷
Tags:
Assam news