ৰুকচিনত ভয়ংকৰ অগ্নিকাণ্ড
অসম অৰুণাচল সীমান্ত পূব চিয়াং জিলাৰ ৰুকচিনত ভয়ংকৰ অগ্নিকাণ্ড
সংগঠিত হয় I জানিব পৰা মতে ৰুকচিন আগো মটৰ্চ এজেঞ্চিত পেট্ৰল পাম্পৰ ষ্টোৰ ৰুমত বিয়লি চাৰি বজাত ভয়ংকৰ অগ্নিকাণ্ড
সংগঠিত হয় I জোনাইৰ দুখনকৈ অগ্নিনিৰ্বাপক
বাহিনীৰ গাড়ীয়ে জোই নুমুৱাবলৈ সক্ষম হয় I অগ্নিকাণ্ডত সামান্য পৰিমানৰ ক্ষয় ক্ষতি হোৱা বুলি জানিব পৰা গৈছে I পেটল পাম্বৰ পৰা 50 মিটাৰত এনেদৰে অগ্নিকাণ্ড সংগঠিত হোৱাত আতংকিত হৈ পৰিছে স্থানীয় লোক I ইপিনে চৰ্ট চাকিটৰ দ্বাৰা জুইৰ সূত্ৰপাত হোৱা বুলি অনুমান কৰা হৈছে I
Tags:
Accident-medical