কোকৰাঝাৰত অভয়াকুটি কাণ্ডকলৈ আজি আদালতৰ চূড়ান্ত ৰায়দান ৷৷ আদালতত ঘন্টাজোৰা বিচাৰ প্ৰক্ৰিয়াৰ অন্তঃত তিনি দোষীক মৃত্যুদণ্ডৰে দণ্ডিতৰ ঘোঁষণা ৷পোণপ্ৰথমবাৰৰ বাবে কোকৰাঝাৰ আদালতত ফাঁচীৰ নিৰ্দেশ ।
কোকৰাঝাৰ জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতত আজি পূৱাৰে পৰা আৰম্ভ হৈছিল এই আইনী বিচাৰ প্ৰক্ৰিয়া ৷৷
যোৱা ছয় এপ্ৰিলত একেখন আদালতত দোষী সাৱস্ত হৈছিল অভয়াকুটি কাণ্ডৰ তিনি মুল অপৰাধী ৷
এওলোক আটায়ে কোকৰাঝাৰ জিলাৰ শালবাৰী নিবাসী ফৰিজুল ৰহমান (২২), মোজাম্মেল শ্বেখ(২০) আৰু নাজিবুল আলি শ্বেখ(১৯)
বিগত ২০২১ বৰ্ষৰ ১১ জুনত ৰাজ্য জোকাৰি গৈছিল অভয়াকুটিৰ দলবদ্ধ ধৰ্ষণ আৰু হত্যাৰ ঘটনা ৷
অৱশেষত দোষী সাৱস্ত তিনিগৰাকী পাষণ্ডক কোকৰাঝাৰ বিশেষ আদালতৰ চি চৰ্তুবেদীয়ে দিলে ফাচীৰ মৃত্যুদণ্ডৰ ঐতিহাসিক শুনানী ৷
আজি কাৰাদণ্ড ঘোষিত হোৱা তিনি অপৰাধীক অভয়াকুটি দূৰ্গম গাওত দুগৰাকী জনজাতি সম্প্ৰদায়ৰ কিশোৰীক দলবদ্ধ ধৰ্ষণ, হত্যা , পকচো আৰু এচ টি/ এচছি প্ৰতিৰোধী আইন ১৯৮১ৰ গোচৰত শাস্তি বিহে মহামাণ্য আদালতে ৷
কোকৰাঝাৰ জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতৰ ৰায়দানকলৈ আজি সন্তোষ্ট ৰাভা সমপ্ৰদায়ৰ দল সংগঠন ৷
অভয়াকুটি কাণ্ডৰ কোকৰাঝাৰ সদৰ থানাত গোচৰ নং ৪৪০/২০২১ মৰমে দোষী সাব্যস্ত কৰা হয় তিনি আচামীক ।