নামনি অসমৰ যোগীঘোপা আন্তৰাষ্ট্ৰীয় জাহাজ বন্দৰ ঘাটত অনুষ্ঠিত হোৱা অশোকাষ্টমী পূজাৰ মেলাত লক্ষ লক্ষ লোকে লোকাৰণ্য : মৃতকৰ আত্মাৰ সৎগতিৰ বাবে বৰ লুইতত ক্ষেপন কৰিলে হাড় পূজা অৰ্চনা।
নামনি অসমৰ বঙাইগাঁও জিলাৰ যোগীঘোপা ৰ ব্ৰহ্মপুত্ৰ নদীৰ আন্তঃৰাষ্ট্ৰীয় জাহাজ ঘাটৰ আজি বৰপেটা,বাক্সা,বঙাইগাঁও, চিৰাং,কোকৰাঝাৰ, ধুবুৰী আৰু গোৱালপাৰা জিলা সমূহৰ পৰা লাখ - লাখ ভক্ত ৰাইজে অনুষ্ঠিত হোৱা অশোকাষ্টমী পূজাত আৰু মেলাত উপস্থিত হৈ মৃতকৰ আত্মাৰ সৎগতিৰ বাবে পূজা অৰ্চনা কৰি হাড় বৰ লুইতত ক্ষেপন কৰে।
প্ৰাপ্ত বাতৰিমতে ঐতিহাসিক ভাবে দেৱত্বৰ যুগত ঐশ্বৰিক ভাবে প্ৰবাদ আছে যে দেৱ-দেৱী আৰু ঋষি মুনিসকলৰ দৰে কলিৰ যুগত মৰ্ত্যলোকত পবিত্ৰ গঙ্গাদেৱী অৰ্থাৎ গঙ্গা নদীৰ পানী আজিৰ দিনটোত ব্ৰহ্মপুত্ৰ নদীৰ পানীত বিলীন হয়। সেয়েহে মানৱ সমাজ কোনো লোক মৃত্যু হলে মৃতকৰ হাড় বৈদিক নীতিৰে পূজা-অৰ্চনা ৰ অন্তত উক্ত হাড় ব্ৰহ্মপুত্ৰ নদীত ক্ষেপন কৰাৰ লগতে মানৱ শ্ৰেণীয়ে স্নান কৰিলে পাপ মুক্ত হোৱাৰ লগতে মৃতকজন স্বৰ্গ লাভ কৰে। সেয়েহে আজিৰ দিনটোত আন-আন বছৰৰ দৰে এইবাৰো প্ৰৱল বতাহ-বৰষুণকো নেওচি যোগীঘোপাত উপস্থিত হয় লক্ষাধিক লোক। ইফালে কোনো ধৰণৰ হানি-বিঘিনি নোহোৱাকৈ আজিৰ দিনটো পাৰ হয়। যদিও জিলা আৰক্ষী প্ৰশাসনৰ সহযোগত উদযাপন সমিতিয়ে ব্যাপক সু-নিৰাপত্তাৰে এই অশোকাষ্টমী পালন কৰা হয় বুলি বাতৰিটোত প্ৰকাশ।