Share on Facebook

নামনি অসমৰ যোগীঘোপা আন্তৰাষ্ট্ৰীয় বন্দৰত কাইলৈ অশোকাষ্টমী পূজাৰ উদ্যোগক্তা সমিতি আৰু জিলা প্ৰশাসনৰ ব্যাপক প্ৰস্তুতি।

 নামনি অসমৰ যোগীঘোপা আন্তৰাষ্ট্ৰীয় বন্দৰত কাইলৈ অশোকাষ্টমী পূজাৰ উদ্যোগক্তা সমিতি আৰু জিলা প্ৰশাসনৰ ব্যাপক প্ৰস্তুতি।



নামনি অসমৰ বঙাইগাঁও জীৱৰ যোগীঘোপা বৰ লুইত অৰ্থাৎ  ব্রহ্মপুত্ৰ নদীৰ আন্তৰাষ্ট্ৰীয় বন্দৰ জাহাজ ঘাটত আৰু এটা ৰাতিৰ পিছতেই ৰাতিপুৱা পুৱতি নিশাৰ পৰাই সমগ্ৰ নামনি অসমৰ বৰপেটা ,বাক্সা,চিৰাং,বঙাইগাঁও ,কোকৰাঝাৰ, আৰু ধুবুৰী জিলা সমূহৰ পৰা লক্ষাধিক লোকে আহি গঙ্গাস্নান কৰাৰ লগতে মৃতকৰ অস্থি(হাড়) ক্ষেপন কৰি মৃতকৰ স্বৰ্গ লাভৰ প্রার্থনা জনাব।



       জানিব পৰামতে এই দিনটোত ঐতিহাসিক ভাৱে ঐশ্বৰিক প্ৰবাদ আছে যে দুৰ্গা দেৱীৰ আন এটা ৰূপৰ বাসন্তী দেৱীয়ে পবিত্ৰ গঙ্গা দেৱীয়ে ব্ৰহ্মপুত্ৰ নৈৰ পানীত লিন যায়। আৰু সেইবাবেহে কাইলৈ দিনটোত মানৱ জাতীয় উক্ত বৰ লুইত ৰ স্নান কৰিলে বা মৃতকৰ অস্থিক্ষেপন কৰিলে পাপ মুক্ত হয়।ইতিমধ্যে যোগীঘোপা ব্ৰহ্মপুত্ৰ  নৈৰ পাৰত হাজাৰ-হাজাৰ লোক আহি উপস্থিত হৈছে। ইফালে উদ্যোক্তা সমিতিয়ে জিলা প্ৰশাসনৰ সহযোগত বিভিন্ন নিৰাপত্তা মূলক প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলিছে বুলি বাটৰিটোত প্ৰকাশ।

ষ্টাফ ৰিপৰ্টাৰ বঙাইগাঁও, প্ৰফুল্ল কুমাৰ দাস।

MISING LUTAD (NEWS)

MISING ENTERTAINMENT CHANNEL This is based on mising people (tani) for entertaining purpose, music videos, episodes, films on mising entertainment channels. all videos are originals of Mising entertainment channel. and we are trying to exposed our mising culture, language to the globalization world, where we can also present our showcase to the world that we are exist in world as a called MISING COMMUNITY is sub caste of Assam regions in East side of India.

Post a Comment

please do not enter the any spam link in to comment box

Previous Post Next Post