Share on Facebook

জোনাইত আলোকৰ সন্ধানত এক বিপদ সংকুল যাত্রা কণ কণ ছাত্ৰ-ছাত্ৰীৰ ।

 জোনাইত আলোকৰ সন্ধানত এক বিপদ সংকুল যাত্রা কণ কণ ছাত্ৰ-ছাত্ৰীৰ ।


এজাক কণ কণ শিশুৰ বিপদ সংকুল এক যাত্রা। এই যাত্রা এদিন-দুদিনৰ নহয়, এই যাত্রা চলি আছে বছৰ বছৰ ধৰি৷ ধেমাজি জিলাৰ জোনাইৰ অসম অৰুণাচল সীমান্তৰ এখন অতিকৈ পিছপৰা অঞ্চলৰ দৃশ্য এইয়া। অৰুণাচল সীমান্তৰ জোনাইৰ কেমি গাঁৱকে ধৰি অঞ্চলটোৰ এই সকল শিশুৱে আলোকৰ সন্ধানত দৈনিক এই যাত্রা। কিন্তু এই যাত্ৰাত বাধাৰ প্ৰাচীৰ হৈ আছে চিলে নামৰ এখন নদী। 

হয়, অৰুণাচল সীমান্তত থকা জোনাইৰ কেমি অঞ্চলৰ এই সকল কণ কণ ছাত্ৰ-ছাত্ৰীয়ে জ্ঞানৰ পোহৰৰ সন্ধানত এনেদৰে বিদ্যালয়লৈ এই যাত্রা। কাৰণ নদীখনৰ সিপাৰে আছে অঞ্চলটোৰ একমাত্ৰ কেমি জেলম মধ্য ইংৰাজী বিদ্যালয়খন। ছাত্র ছাত্রীসকলে প্রথমে ঘৰুৱা সাজপাৰেৰে আহি খৰশ্ৰুতা নদীখনক এনেদৰে বিপদ 

সংকুলভাৱে পাৰ কৰি নদীখনৰ পাৰতে স্কুল বেগতে লৈ অনা ইউনিফৰ্মবোৰ পিন্ধি পুনৰ 

যাত্ৰা কৰে বিদ্যালয়লৈ। সীমান্তত থকা কেমি-জেলমৰ মাজেদি অৰুণাচলৰ পৰা বৈ অহা খৰশ্ৰুতা চিলে নদীখন খৰালিত এনেদৰে ইপাৰত থকা কেমি অঞ্চলৰ ছাত্ৰ-ছাত্ৰীয়ে পাৰাপাৰ কৰি বিদ্যালয়লৈ যায় যদিও বাৰিষাত পাৰাপাৰৰ নাই কোনো বিকল্প পথ। 

যাৰ ফলত নদীখনক পাৰ কৰি বিদ্যালয়লৈ যোৱাৰ পথত ছাত্ৰ-ছাত্ৰীৰ মাজত বহুবাৰ ঘটিছে অঘটনো। 

উল্লেখ্য যে এইখন চিলে নদীৰ ওপৰত এখন দলং নথকাত জোনাইৰ কেমি, ঐৰামঘাট, জামপানী আদিৰ ৰাইজে অৰুণাচলৰ অয়ান চাৰিআলি হৈ  দৈনিক বিভিন্ন

কাম-কাজত যোগাযোগ অব্যাহত ৰাখিছে জোনাই সদৰৰ সতে। ইফালে সীমান্তৰ কেইবাখনো গাঁৱৰ ৰাইজে চিলে নদীৰ ওপৰত এখন দলং নিৰ্মাণৰ কাৰণে বহু বছৰৰ পৰাই বিধায়ক, সাংসদ তথা চৰকাৰৰ ওচৰত অঞ্চলটোৰ ৰাইজে কেইবাবাৰো আবেদন-নিবেদন কৰাৰ পিছতো আজি পর্যন্ত কোনোধৰণৰ গুৰুত্ব নিদিয়াত আজি সীমান্ত থকা কেমি,ঐৰামঘাট আদি অঞ্চলটোৰ লগতে ছাত্ৰ-ছাত্ৰীসকলে যাতায়াতৰ ক্ষেত্ৰত ভুগিবলগীয়াত পৰিছে এনে যমৰ যাতনা।


MISING LUTAD (NEWS)

MISING ENTERTAINMENT CHANNEL This is based on mising people (tani) for entertaining purpose, music videos, episodes, films on mising entertainment channels. all videos are originals of Mising entertainment channel. and we are trying to exposed our mising culture, language to the globalization world, where we can also present our showcase to the world that we are exist in world as a called MISING COMMUNITY is sub caste of Assam regions in East side of India.

Post a Comment

please do not enter the any spam link in to comment box

Previous Post Next Post