অনিদিষ্ট কালৰ বাবে বন্ধ হ'ল মাজুলী-নিমাতী ফেৰী সেৱা । ফেৰী ঘাটত যাত্ৰীৰ হাহাকাৰ ।
অনলাইন টিকত কৰি বিপাঙত ফেৰী যাত্ৰী
চ'ত মাহতেই বন্ধ হ'ল ফেৰী সেৱা।
কমলাবাৰী -নিমাতী আৰু অফলামূখ- নিমাতী ঘাটৰ ফেৰী সেৱা বন্ধ ।
ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ বৃদ্ধি হোৱাৰ বাবে মাজুলী জিলা প্ৰশাসনে অনিদিষ্ট কালৰ বাবে বন্ধ কৰিছে ফেৰীৰ চলাচল । ঢকুৱাখানা হৈ যাব লগা হৈছে যাত্ৰী সকল আন আন ঠাইলৈ
ব্ৰহ্মপুত্ৰ জলপৃষ্ঠ হ্ৰাস নোপোৱা পৰ্যন্ত বন্ধ হৈ থাকিব ফেৰী সেৱা।
মাজুলীৰ পৰা যোৰহাটকে ধৰি আন আন ঠাইলৈ যোৱা এটি চমূ পথ হৈছে মাজুলী নিমাতী ফেৰী সেৱা কিন্তু আজিৰে পৰা অনিদিষ্ট কালৰ বাবে বন্ধ হৈ পৰিল ফেৰী সেৱা।
ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বিপদসীমাৰ ওপৰেৰে বৈছে বাবে পুনৰ বন্ধ কৰা হৈছে মাজুলী-নিমাতী ফেৰী সেৱা ।
হঠাতে ফেৰী সেৱা বন্ধ হৈ পৰাত দুয়ো পাৰৰ যাত্ৰীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ।
ফেৰী ঘাটৰ পৰাই উভতিবলগীয়া হৈছে শ শ যাত্রী ।
ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ বৃদ্ধি হৈ থকাৰ সময়ত নদীৰ বুকুৰে ফেৰী চলাচল কৰিলে যিকোনো দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকাত ফেৰী সেৱা বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে মাজুলী জিলা প্ৰশাসনে।