ভাৰতীয় জনতা পাৰ্টিত চমুকৈ বিজেপিৰ কেন্দ্ৰীয় আৰু ৰাজ্যিক সমিতিসমূহে আজি ৪২তম প্ৰতিষ্ঠা দিৱস পালন কৰাৰ মূলতঃ নামনি অসমতো প্ৰতিটো জিলাত জিলা,আঞ্চলিক আৰু মণ্ডল সমিতি সমূহে এই দিৱস পালন কৰাৰ বাতৰি পোৱা গৈছে।
প্ৰাপ্ত বাতৰি মতে বঙাইগাঁও জিলাতো আজি জিলা সমিতিয়ে জিলা কাৰ্য্যালয় বৰপাৰাত জিলা সভানেত্ৰী হিমানী অধিকাৰী য়ে পতাকা উত্তোলন আৰু শ্বহীদ বেদীত মাল্যাৰ্পনেৰে এই দিৱস পালন কৰে।আৰু বঙাইগাঁও চহৰত এক শোভাযাত্ৰা অনুষ্ঠিত কৰাৰ লগতে জিলা কাৰ্য্যালয়ত এক সভাও অনুষ্ঠিত কৰে। একেদৰে বইটামাৰী ,চলন্তাপাৰা ,অভয়াপুৰী, সৃজনগ্ৰাম আৰু মানিকপুৰ টো এই দিৱস পালন কৰে বুলি বাটৰিটোত প্ৰকাশ।
Tags:
politics