নামনি অসমৰ বঙাইগাঁও জিলাত যোৱা নিশা এটা চেটেলাইট চেনেলৰ "বহাগৰ অনুষ্ঠানৰ"পিছতেই আই নৈৰ নৱনির্মিত অসম্পূৰ্ণ দলং ত এক শোকাবহ দুৰ্ঘটনাত পতিত হৈ এগৰাকী সৰবৰাহি উদীয়মান সাংবাদিক সহ আন এগৰাকী যুৱক আকস্মিক ভাৱে মৃত্যু ঘটাত তীব্ৰ চাঞ্চল্য আৰু প্ৰতিক্ৰিয়া ৰ সৃষ্টি কৰিছে ।
প্রাপ্ত ঘটনাৰ বাতৰিমতে জিলাখনৰ উত্তৰ শালমাৰা মহকুমাৰ সৃজনগ্ৰামত ৰাজ্য ৰ এটা চেটেলাইট চেনেলৰ বহাগৰ অনুষ্ঠান অনুষ্ঠিত হৈছিল। কিন্ত অনুষ্ঠানৰ শেষত অঞ্চলটোৰ উদীয়মান সাংবাদিক আব্দুল লতিৱ আৰু খামাৰপাৰাৰ দীপাংকৰ ৰায় নিজ গৃহলৈ নগৈ চাৰি চকীয়া বাহনখনেৰে উক্ত আই নৈৰ অৰ্ধনির্মিত দলং খনলৈ যায়। পিছত তাতেই দলংখন ৰ পৰা বাহন সহ আই নৈত পৰি এক শোকাবহ দুৰ্ঘটনাত পতিত হৈ দুয়ো গৰাকী মৃত্যুৰ মুখত পৰে। উল্লেখ যে বিগত ২০১১চন ত প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে প্ৰায় ৪২কোটি টকা ব্যয় সাপেক্ষৰ উক্ত পকী দলং খনৰ আধাৰশিলা স্থাপন কৰিছিল। আৰু উক্ত দলংখন ৰ ঠিকা লাভ কৰিছিল নামনি অসমৰ বঙাইগাঁও জিলাৰ প্ৰথম শ্ৰেণীৰ ঠিকাদাৰ ৰুদ্ৰ পাঠকে। আৰু পিছত নৈখনে এটা মূৰ খহাই নিয়াত অসম্পূৰ্ণ হৈ থাকে। পিছত স্থানীয় ৰাইজে দলংখন সম্পূৰ্ণ কৰিবলৈ বিভিন্ন প্ৰতিবাদেৰে দাবী জনাই আহিছিল। এতিয়া মূলতঃ যোৱা নিশাৰ এই ঘটনাই সমগ্ৰ জিলাখনৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু এক শোকাবহ পৰিস্থিতি য়ে বিৰাজ কৰিছে বুলি বাতৰিটোত প্ৰকাশ।