সাধাৰণ বৰষুণতে জোনাই সদৰৰ সতে যোগাযোগ বিছিন্ন হোৱাৰ পথত জোনাইৰ বান বিধ্বস্ত বৃহত্তৰ বেৰা চাপৰি অঞ্চল ।
সাধাৰণ বৰষুণতে পুনৰ জোনাই সদৰৰ সতে যোগাযোগ বিছিন্ন হোৱাৰ পথত বৃহত্তৰ জোনাইৰ বেৰা চাপৰি অঞ্চল । জোনাই সদৰৰ পৰা পৰা লুহিজান ৰুহিতপুৰ দেউৰী হৈ বেৰা চাপৰিৰ বিভিন্ন অঞ্চললৈ যোৱা গড়কাপ্তানি পথৰ ওপৰৰ কেইবাঠাইতো সাধাৰণ বৰষুণৰ পানীত খহি যোৱাত যিকোনো মুহুৰ্ততে যোগাযোগ বিচ্ছিন্ন হোৱাৰ পথত বেৰা চাপৰি অঞ্চলৰ ৰাইজে জোনাই সদৰৰ সতে । জানিব পৰা মতে পথছোৱা সম্পূৰ্ণ বালি আৰু অতি নিম্নমানৰে নিৰ্মাণ কৰাত এনেদৰে সাধাৰণ বৰষুণতে পথটো খহি যোৱাত চিন্তিত হৈ পৰিছে বৃহত্তৰ বেৰা চাপৰি অঞ্চলৰ কুৰিৰো অধিক গাঁৱৰ ৰাইজে । উল্লেখ্য যে বৃহত্তৰ বেৰা চাপৰি অঞ্চলৰ ২০ খনৰো অধিক গাঁৱৰ ৰাইজৰ বাবে বৰ্তমান এই পথটোৰ বাদে জোনাই সদৰৰ লগতে বহি জগতৰ সৈতে জোগাযোগৰ বাবে নাই কোনো বিকল্প পথ । সাধাৰণ বৰষুণতে পথছোৱা এনে অৱস্থা তেন্তে বাৰিষাত কি হ'ব , ইয়াকে লৈ সংকিত হৈ পৰিছে প্ৰতিটো বছৰে বানত বিধ্বস্ত চাপৰি অঞ্চলটোৰ ৰাইজে ।