বৰপথাৰত মিছিং জনগোষ্ঠীৰ 'চহ' উপাধি বংশধৰৰ 'কাংকিন কেবাং' উদযাপন
ঐক্য সম্প্ৰীতিৰ এনাজৰীৰে বান্ধ খোৱাৰ উদ্দেশ্যেৰে দৈয়াং-ধনশিৰি চহ বংশধৰ সমিতিৰ উদ্যোগত অনুষ্ঠিত কৰা হয় প্ৰথম বাৰ্ষিক কাংকিন কেবাং অনুষ্ঠানৰ ।গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ বৰপথাৰৰ মিৰিগাঁৱত দুদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে উদযাপন কৰা হয় এই কাংকিন কেবাং অৰ্থাৎ সম্বৰ্ধনা অনুষ্ঠান । কাৰ্য্যসূচীৰ লগত সংগতি ৰাখি প্ৰথম দিনা পতাকা উত্তোলন ,স্মৃতি তৰ্পণ, বৃক্ষৰোপনৰ উপৰিও চিত্ৰাংকণ, টেকেলি ভঙা, ৰছী টনা, পাতি হাঁহ ধৰা, কুইজ, সৃষ্টিশীল নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হয় । কাৰ্য্যসূচীৰ দ্বিতীয় দিনা অনুষ্ঠিত হয় মুকলি সভা । কিৰণ মিচঙৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত বহু বিশিষ্ট ব্যক্তিৰ লগতে 'মিচং' আৰু 'চহ' বংশৰ বিশিষ্ট ব্যক্তি সকলে অংশ গ্রহণ কৰে । উল্লেখ্য যে মিছিং জনগোষ্ঠীৰ 'চহ' আৰু 'মিচং' উপাধিৰ লোক সকল একেটা গোত্ৰৰ । 'চহ' আৰু 'মিচং' উপাধিৰ লোক সকল একেটা মুদ্ৰাৰ ইপিঠি-সিপিঠি । সেয়েহে অসমৰ বিভিন্ন প্ৰান্তত সিচৰিত হৈ থকা 'মিচং' আৰু 'চহ' উপাধিৰ লোক সকলক একতাৰ ডোলেৰে বান্ধি সদৌ মিছিং ৰাইজক বাৰ্তা দিয়াৰ প্ৰয়াস কৰে কাংকিন কেবাঙৰ জড়িয়তে ।