ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মিচিং ভাষা অধ্যয়নৰ ৩০ গৰাকী ছাত্ৰ ছাত্ৰীয়ে অৰুণাচল প্ৰদেশৰ টুটিঙলৈ শিক্ষা ভ্ৰমণ কৰি পুনৰ আজি বমজিৰ গাঁৱত উপস্থিত হৈ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ ।
মিচিং স্বায়ত্বশাসিত পৰিষদৰ উদ্যোগত আৰু মিচিং স্বায়ত্বশাসিত পৰিষদৰ শিক্ষা বিষয়া ৰাজু মেদকৰ সহযোগত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভাষা অধ্যয়নৰ ৩০ গৰাকী ছাত্ৰ ছাত্ৰীয়ে যোৱা ২৮ মাৰ্চ তাৰিখে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা লক্ষ্য স্হান টুটিঙলৈ এক শিক্ষামূলক ভ্ৰমণ আৰম্ভ কৰিছিল । অৰুণাচল প্ৰদেশৰ য়িংকং, মাৰয়াঙ হৈ টুটিঙত উপস্থিত হৈ পূৰ্বৰ মিচিং সকলৰ প্ৰবজনৰ তথ্য বিচাৰি শিক্ষা মূলক ভ্ৰমণ কৰে ।
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মিচিং ভাষা অধ্যয়নৰ অধ্যাপক ড° পবিত্ৰ পেগু আৰু অধ্যাপিকা দিপ্তিৰাণী মেদক পেগুৰ নেতৃত্বত আৰু মিচিং জনগোষ্ঠীৰ শক্তিশালী জাতীয় সংগঠন TMPK কেন্দ্ৰীয় সমিতিৰ এটা দলৰ তত্বাৱধানত পাছটা দিন অৰুণাচল প্ৰদেশৰ বিভিন্ন অঞ্চলত মিচিং ভাষা, তথা মিচিং সকলৰ প্ৰবজনৰ সন্দৰ্ভত তথ্য বিচাৰি অনুসন্ধান কৰে ।
আজি অৰুণাচল প্ৰদেশৰ বমজিৰ গাঁৱত TMPK/MMK/TMMK শদিয়া জিলা সমিতি আৰু ADISU জাতীয় সংগঠনৰ উদ্দ্যোগত বিভিন্ন কাৰ্যসূচীৰে সামৰণি অনুষ্ঠান অনুষ্ঠিত কৰে । উক্ত সামৰণি অনুষ্ঠানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মিচিং ভাষা অধ্যয়নৰ অধ্যাপক ড° পবিত্ৰ পেগুৱে মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া আৰু শিক্ষা বিষয়া ৰাজু মেদকক ধন্যবাদ জনায় ।