মূল্যবৃদ্ধিৰ প্ৰতিবাদত কোকৰাঝাৰত কংগ্ৰেছ দলৰ সমদল
কোকৰাঝাৰৰ কংগ্ৰেছ কাৰ্যালয়ৰ ৰনেন্দ্ৰ ভৱনৰ পৰা এইসমদল আৰম্ভ কৰে ।কোকঝাৰৰ সদৰ চহৰৰ মাজেৰে এই সমদল কৰে । আজিৰ সমদলত বিজেপি চৰকাৰ মিছলীয়া ,মূখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হায় হায় , বিজেপি চৰকাৰৰ কাম নাই, হিমন্ত বিশ্ব শৰ্মাৰ কাম নাই, পেট্ৰল ডিজেলৰ মূল্যবৃদ্ধি হ্ৰাস কৰক , বিজেপি চৰকাৰৰ কাম নাই আদি শ্লোগান দিয়ে । উক্ত সমদলত নেতৃত্ব দিয়ে অসম প্ৰদেশ কংগ্ৰেছ দলৰ উপসভানেত্ৰী ৰূপা দেউৰী ,অসম প্ৰদেশ কংগ্ৰেছ দলৰ সাধাৰন সম্পাদক ভবেন নাথ, প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক গৰ্জন মুছাহাৰীয়, কোকৰাঝাৰ জিলা কংগ্ৰেছ Co-ordination Committee ৰ সদস্য প্ৰানজিৎ বসুমতাৰী, হাতিধুৰা আঞ্চলিক সভাপতি ওছমান গনি আৰু কোকৰাঝাৰ জিলাৰ সামাজিক মাধ্যম আৰু তথ্য প্ৰযুক্তি বিভাগৰ অধ্যক্ষ খাইৰুল জামানে ।
Tags:
politics