Share on Facebook

আজিৰ পৰা উজনি বংকোৱাল নাট্য মন্দিৰত প্ৰযোজনা ভিত্তিক এমহীয়া নাট প্ৰশিক্ষণৰ শুভাৰম্ভ

 আজিৰ পৰা উজনি বংকোৱাল নাট্য মন্দিৰত প্ৰযোজনা ভিত্তিক এমহীয়া নাট প্ৰশিক্ষণৰ শুভাৰম্ভ


বোকাখাত মহকুমাৰ বৃহত্তৰ কমাৰগাঁও অঞ্চলৰ সেচ্ছা সেৱী অনুষ্ঠান “প্ৰজন্ম”ৰ উদ্যোগত আৰু মহুৰামুখৰ উত্তৰ অংশৰ সমগ্ৰ বান ক্ষতিগ্ৰস্ত অঞ্চলতোৰ অন্যতম সাংস্কৃতিক অনুষ্ঠান “নৈ পৰীয়া সুৰ বাহিনীৰ” সহযোগত আজিৰ পৰা প্ৰযোজনা ভিত্তিক এমহীয়া নাট প্ৰশিক্ষণৰ শুভাৰম্ভ কৰা হয় উজনি বংকোৱাল নাট্য মন্দিৰ প্ৰঙ্গনত৷এই উপলক্ষে আয়োজিত শুভাৰম্ভনি সভাৰ সভাপতিত্ব কৰে “প্ৰজন্ম” আৰু “নৈ পৰীয়া সুৰ বাহিনী”ৰ সভাপতি দ্বয় ৰিন্টু দুৱৰা আৰু সুৰেশ বৰিয়ে৷বিশিষ্ট কবি,সমাজ সেৱক জয়ন্ত মাধৱ মৰাং আৰু কন্ঠ শিল্পী বিশ্বজিত মৰাঙে আতঁ ধৰা অনুষ্ঠানতো উদ্বোধন কৰে কবি,সাংবাদিক,অভিনেতা অমল দাৱে৷অনুষ্ঠানতোত বিশিষ্ট অতিথি হিছাপে  উপস্থিত থাকি বক্তব্য প্ৰদান কৰে অসমীয়া নাট্য জগতৰ জনপ্ৰিয় নাট্যকাৰ,কবি ৰফিকুল হুচেইন,নৈ পৰীয়া অঞ্চলৰ জেষ্ঠ সমাজকৰ্মী,সংগ্ৰামী সত্ত্বা ডালিমী লইঙে৷সভাত উপস্থিত থাকে নাট্যকাৰ,গল্পকাৰ সপোন জ্যোতি বৰঠাকুৰ,কবি-নাট্যকাৰ অমৰ শৰ্মা,প্ৰশিক্ষক-নাট পৰিচালক অবিনাশ শৰ্মা,অভিনেতা-নাট প্ৰশিক্ষক টিকেন্দ্ৰজিত দাস,কবি-নাট্যকাৰ পলাশ লইং,বিশিষ্ট লিখক অৰ্ণৱ শইকীয়া,অভিনেতা-ছুটি ছবি নিৰ্মাতা-অভিনেতা সত্যৰঞ্জন বৰা,সংগীত শিল্পী পাপু,মেলামৰা কলেজৰ সহযোগী অধ্যাপক ড° দুৰ্লভ বৰি,জেষ্ঠ মঞ্চ অভিনেতা বুধেশ্বৰ লইং,সমাজকৰ্মী বগাৰাম বৰি,মেকআপ আৰ্টিষ্ট বুলেন বৰাৰ লগতে অঞ্চলতোৰ বহু কেইগৰাকী নাট্য অনুৰাগী ব্যক্তি উপস্থিত থকে৷

MISING LUTAD (NEWS)

MISING ENTERTAINMENT CHANNEL This is based on mising people (tani) for entertaining purpose, music videos, episodes, films on mising entertainment channels. all videos are originals of Mising entertainment channel. and we are trying to exposed our mising culture, language to the globalization world, where we can also present our showcase to the world that we are exist in world as a called MISING COMMUNITY is sub caste of Assam regions in East side of India.

Post a Comment

please do not enter the any spam link in to comment box

Previous Post Next Post