নামনি অসমৰ বঙাইগাঁও জিলাৰ যোগীঘোপা কৰেয়া পাহাৰ অবৈধ মাতিখননৰ ফলত নিছিন্ন হোৱাৰ পথত: বনমন্ত্ৰী -আমোলা বিষয়াৰ ব্যাপক দুৰ্নীতি কেলেংকাৰীৰে বহিৰাগত বণিয়াক মাটি কটাৰ অনুমতি।ৰাজ্যিক নাগৰিক সুৰক্ষা মঞ্চৰ ৰাইজৰ প্ৰতিবাদ কৰাৰ আহ্বান।
ভাৰতীয় জনতা পাৰ্টি চমুকৈ বিজেপি নেতৃত্বাধীন মিত্ৰজোট চৰকাৰখনৰ এক অতি গুৰুত্বপূৰ্ণ বিভাগ হৈছে বন বিভাগ । কিন্তু এই বন বিভাগত হৈছে কি? নিতৌ নিত্য নতুন অতি ব্যাগম-ব্যাগম দুৰ্নীতি কেলেংকাৰী তথা অনৈতিক কাৰ্য্যৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে আহিছে। অথচ: উক্ত বন বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ বিৰুদ্ধে বাৰংবাৰ খোদ বিজেপি দলটোৰেই দিছপুৰৰ বিধায়ক অতুল বৰা(জ্যেষ্ঠ) ই অতি ক্ষোভ আৰু গুৰুতৰ অভিযোগ কৰি আহিছে। তৎস্বতেও চৰকাৰ খনৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় নেতৃত্বৰ কোনো তৎ নাই ।এইবাৰ আমি পুনৰ আন এক গুৰুত্বপূৰ্ণ দুৰ্নীতি-কেলেংকাৰী আৰু গুৰুতৰ অভিযোগৰ বাতৰি উত্থাপন কৰিব বিচাৰিছোঁ ।প্রাপ্ত তথ্যৰ অভিযোগত প্ৰকাশ যে নামনি অসমৰ বঙাইগাঁও জিলাৰ যোগীঘোপা অঞ্চলৰ কাবাইটাৰী কৰেয়া পাহাৰৰ একাংশকলৈ নামনি অঞ্চলৰ প্ৰায় সহস্ৰাধিক বিঘা ভূমি বিগত ১৯৬২ চনত কেন্দ্ৰীয় চৰকাৰে প্ৰাক্তন সৈনিকৰ বাবে আবন্টন দি অসম চৰকাৰক অৰ্পণ কৰিছিল। কিন্তু পৰৱৰ্তী কালত এতিয়া উক্ত কৰেয়া পাহাৰৰ মাটি কাটিবলৈ বন বিভাগৰ মন্ত্ৰী আৰু বঙাইগাঁও জিলা উপায়ুক্ত ডঃ এম এছ লক্ষ্মীপ্ৰিয়া এগৰাকী বহিৰাগত বণিয়াক মাটি কাটিবলৈ অনুমতি প্ৰদান কৰে। ফলত এতিয়া দিনে নিশাই এইগৰাকী বনিয়াই জে.চি.বি.ৰে মাটি কটাত ইমান ডাঙৰ পাহাৰ খন নিছিন্ন হোৱাৰ পথত আগবাঢ়িছে ।
ইফালে অসম ৰাজ্যিক নাগৰিক সুৰক্ষা মঞ্চই বিভাগীয় মন্ত্ৰী-বিধায়ক, আমোলা ,বিষয়া আদিৰ লগতে বঙাইগাঁও জিলা উপায়ুক্তক কেইবাবাৰো অভিযোগ পত্ৰ প্ৰদান কৰাৰ পিছতো কোনো গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই ।এতিয়া পাহাৰখন নিছিন্ন হোৱাৰ ফলত প্ৰাকৃতিক ভাৰসাম্য হ্ৰাস পোৱাত মানৱ জীৱনৰ প্ৰতিও এক ভাবুকিৰ সৃষ্টি কৰিছে বুলি বাতৰিটোত প্ৰকাশ।
বঙাইগাঁও ৰ পৰা ষ্টাফ ৰিপৰ্টাৰ প্ৰফুল্ল কুমাৰ দাস।