Share on Facebook

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী হিমাচল প্ৰদেশৰ দিয়া ভাৰ্চুৱেলি ভাষণ .বঙাইগাঁও জিলাটো মন্ত্ৰী-বিধায়ক, আমোলা বিষয়া আৰু নেতা -কৰ্মী ৰাইজে কৰিলে শ্ৰৱণ

 প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী হিমাচল প্ৰদেশৰ দিয়া ভাৰ্চুৱেলি ভাষণ সমগ্ৰ নামনি অসমৰ প্ৰতিটো জিলাৰ লগতে বঙাইগাঁও জিলাটো মন্ত্ৰী-বিধায়ক, আমোলা বিষয়া আৰু নেতা -কৰ্মী ৰাইজে কৰিলে শ্ৰৱণ:মন্ত্ৰী ৰঞ্জিত দাসে প্ৰদান কৰিলে প্ৰধানমন্ত্ৰী আবাস যোজনাৰ গৃহৰ অনুমোদন পত্ৰ।



দেশৰ স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ শুভক্ষণত দেশজুৰি আয়োজন হৈ থকা আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ ৮ম বৰ্ষপুতি উপলক্ষে আজি হিমাচল প্ৰদেশৰ পৰা প্ৰধানমন্ত্ৰী গৰাকীয়ে ভাৰ্চুৱেলি কৰা সম্বোধন সমগ্ৰ দেশৰ লগতে উত্তৰ পূৰ্বাঞ্চল তথা অসমতো বিজেপি দলৰ ৰাজ্যিক সমিতি ,জিলা সমিতিৰ সহযোগত ৰাজ্য আৰু জিলা প্ৰশাসনৰ উদ্যোগত পালিত হয় এক বিশেষ অনুষ্ঠান।একেদৰে নামনি অসমতো প্ৰতিটো জিলাৰ লগতে বঙাইগাঁও জিলাটো জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত হয় এক বিশেষ অনুষ্ঠান। সেইমতে কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা ৰূপায়ীত্ব হৈ থকা ১৬খন আঁচনিৰ অধীনৰ হিতাধিকাৰী সকলৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মত বিনিময় কৰে। আৰু ৯টা বিভাগৰ ১৬খন আঁচনিৰ গুণাগুণ আৰু লাভালাভৰ আলোকপাত কৰে।তদুপৰি প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ অধীনত ১০কোটিৰো অধিক কৃষক লৈ ২১,০০০ কোটি টকা ১১তম কিস্তি মুকলি কৰে। উক্ত অনুষ্ঠানত শিৱসাগৰৰ পৰা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কৰা সম্বোধন উপস্থিত দৰ্শকসকলে মাৰ্গ দৰ্শন কৰে । আজিৰ এই অনুষ্ঠানত পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত দাসে প্ৰধানমন্ত্ৰী আবাস যোজনা গ্ৰামীনৰ অধীনৰ লাভ কৰা হিতাধিকাৰী সৈতে মত বিনিময় কৰি অনুমোদন পত্ৰ বিতৰণ কৰে।উক্ত অনুষ্ঠানত বিজেপিৰ জিলা সভানেত্ৰী হিমানি অধিকাৰী,বিধায়ক ফণীভুষন চৌধুৰী,জিলা উপায়ুক্ত নৱদ্বীপ পাঠক,জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া নাদিৰা জেছমিন, জিলা পৰিষদৰ অধ্যক্ষ বিজয় সিংহ ,কে এ চি অধ্যক্ষ গকুল বৰ্মন ,বঙাইগাঁও-অভয়াপুৰী পৌৰসভাৰ অধ্যক্ষ ক্ৰমে সুবোধ চন্দ্ৰ দাস আৰু ৰমেন্দ্ৰ নাৰায়ণ বণিক্য ,পঞ্চায়ত আৰু গ্রাম্য উন্নয়নৰ অতিৰিক্ত আয়ুক্ত ৰাতুল পাঠক আৰু প্ৰাক্তন বিধায়ক ভূপেন ৰায় আদি উপস্থিত আছিল বুলি বাতৰিটোত প্ৰকাশ।

MISING LUTAD (NEWS)

MISING ENTERTAINMENT CHANNEL This is based on mising people (tani) for entertaining purpose, music videos, episodes, films on mising entertainment channels. all videos are originals of Mising entertainment channel. and we are trying to exposed our mising culture, language to the globalization world, where we can also present our showcase to the world that we are exist in world as a called MISING COMMUNITY is sub caste of Assam regions in East side of India.

Post a Comment

please do not enter the any spam link in to comment box

Previous Post Next Post