নামনি অসমৰ ধুবুৰী জিলা চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় গৃহ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ উদ্বোধন।
নামনি অসমৰ ধুবুৰী জিলাৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ বহি:বিভাগটো উদ্ধোধন কৰে আজি ৰাজ্য চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই। প্ৰাপ্ত বাতৰি মতে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়খন মুকলি কৰাৰ পিছত তেওঁ চিকিৎসক আৰু চিকিৎসা শিক্ষক সকলোৰ সৈতে মত বিনিময় কৰে । আজিৰ উক্ত অনুষ্ঠানত চিকিৎসা শিক্ষা সঞ্চালক ডাঃ অনুপ বৰ্মন ,জিলা উপায়ুক্ত আৰু জিলা আৰক্ষী অধীক্ষক আদি বিশিষ্ট আমোলা -বিষয়া দলীয় নেতা -কৰ্মী সকল উপস্থিত আছিল । পিছত মন্ত্ৰী কেশৱ মহন্তয় এক সংবাদ মেলত অংশ গ্ৰহণ কৰে ।
Tags:
Assam news