Share on Facebook

কোকৰাঝাৰত এবছুৰ উদ্যোগত ৩৫ সংখ্যক বড়োলেণ্ড শ্বহীদ দিৱস উদযাপন

 কোকৰাঝাৰত এবছুৰ উদ্যোগত ৩৫ সংখ্যক বড়োলেণ্ড শ্বহীদ দিৱস উদযাপন 



পৃথক বড়োলেণ্ড আন্দোলনৰ প্ৰথম গৰাকী শ্বহীদ সুজিত নাৰ্জাৰীৰ মৃত্যু দিৱসৰ সতে সংগতি ৰাখি আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত উদযাপিত হয় ৩৫ সংখ্যক বড়োলেণ্ড শ্বহীদ দিৱস ৷ ইয়াৰে অংশস্বৰূপে কোকৰাঝাৰতো নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ উদ্যোগত বড়োলেণ্ড শ্বহীদ দিৱস উদযাপন কৰা হয় ৷ 
         কোকৰাঝাৰ চহৰৰ ভাটিপাৰাস্থিত শ্বহীদ সুজিত নাৰ্জাৰীৰ সমাধিস্থলত উদযাপিত হোৱা  বড়োলেণ্ড শ্বহীদ দিৱসৰ কাৰ্যসূচী অনুসৰি প্ৰথমে সমাধিস্থলত বন্তি প্ৰজ্বলন কৰা হয় ৷ বন্তি প্ৰজ্বলন কৰে শ্বহীদ সুজিত নাৰ্জাৰীৰ পিতৃ মংগল সিং নাৰ্জাৰীয়ে ৷ ইয়াৰ পাছতে শ্বহীদ সুজিত নাৰ্জাৰীৰ সমাধিস্থলত পুষ্পাঞ্জলি অৰ্পণ কৰে এবছুৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক দিনেশ ব্ৰহ্মই ৷ কাৰ্যসূচীত অংশ লোৱা বড়ো সাহিত্য সভাৰ সম্পাদক জংছাৰ নাৰ্জাৰী, সদৌ অসম ট্ৰাইবেল সংঘৰ প্ৰাক্তন সভাপতি ৰঞ্জিত কুমাৰ মুছাহাৰী, ইউ এন একাডেমীৰ সঞ্চালক কৃষ্ণ গোপাল বসুমতাৰী , বিপিএফৰ নেতা তথা বিটিআৰৰ পাৰিষদ দনেশ্বৰ গয়াৰী, বিটিআৰৰ মুখ্য কাৰ্যবাহীৰ  ৰাজনৈতিক উপদেষ্টা বেৰলাও খুংগুৰ কাৰ্জিয়ে শ্বহীদ সুজিত নাৰ্জাৰীৰ সমাধিস্থলত পুষ্পাঞ্জলি অৰ্পণ কৰে ৷   ইয়াৰ আগতে শ্বহীদ সুজিত নাৰ্জাৰীৰ স্মৃতিত এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰা হয় ৷ 
            উল্লেখ্য যে, ৩৫ বছৰ পূৰ্বে অৰ্থাৎ ১৯৮৭ চনৰ ১২ জুনৰ আজিৰ দিনটোতে গুৱাহাটীৰ এক জনসভাত অংশগ্ৰহণ কৰি উভতি অহাৰ পথতে দুস্কৃতিকাৰীৰ আক্ৰমণত মৃত্যু হৈছিল কোকৰাঝাৰৰ ভাটিপাৰাৰ নিবাসী সুজিত নাৰ্জাৰীৰ ৷ পিছত এবছুৱে সুজিত নাৰ্জাৰীক পৃথক বড়োলেণ্ড আন্দোলনৰ প্ৰথম গৰাকী শ্বহীদ হিচাপে ঘোষণা কৰাৰ লগতে শ্বহীদ সুজিত নাৰ্জাৰীৰ মৃত্যু দিনটোক এবছুৱে বড়োলেণ্ড শ্বহীদ দিৱস হিচাপে উদযাপন কৰি আহিছে ৷
            এবছুৰ কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত তথা দক্ষিণ কোকৰাঝাৰ আঞ্চলিক সমিতিৰ সহযোগত উদযাপিত হোৱা আজিৰ ৩৫ সংখ্যক বড়োলেণ্ড শ্বহীদ দিৱসৰ কাৰ্যসূচীত এবছুৰ জিলা সভাপতি কৃপেশ দৈমাৰী , জিলা সাধাৰণ সম্পাদক খাম্পা বসুমতাৰীকে ধৰি ছাত্ৰ সংগঠনটোৰ কেইবাগৰাকী নেতৃবৃন্দ, বাওখুংগ্ৰী সমষ্টিৰ টিচিএলচিচিৰ অধ্যক্ষ সঞ্জয় নাৰ্জাৰী সহ কেইবাগৰাকী বিশিষ্ট ব্যক্তি আৰু শতাধিক স্থানীয় ৰাইজ উপস্থিত থাকে ৷একেদৰে বিটিএডিৰ চিৰাং,বাক্সা,তামুলপূৰ আৰু ওদালগুৰি জিলাটো এই শ্বহীদ দিৱস পালন কৰাৰ বাতৰি পোৱা গৈছে। আৰু বাক্সা জিলাত এবছু ৰ কেন্দ্ৰীয় সভাপতি দ্বীপেন বড়োয়ে অংশগ্ৰহণ কৰা বুলি বাতৰিটোত প্ৰকাশ।

বঙাইগাঁও ৰ পৰা ষ্টাফ ৰিপৰ্টাৰ প্ৰফুল্ল কুমাৰ দাস।

MISING LUTAD (NEWS)

MISING ENTERTAINMENT CHANNEL This is based on mising people (tani) for entertaining purpose, music videos, episodes, films on mising entertainment channels. all videos are originals of Mising entertainment channel. and we are trying to exposed our mising culture, language to the globalization world, where we can also present our showcase to the world that we are exist in world as a called MISING COMMUNITY is sub caste of Assam regions in East side of India.

Post a Comment

please do not enter the any spam link in to comment box

Previous Post Next Post