Share on Facebook

সমগ্ৰ নামনি অসমৰ ৮খন জিলাত এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হয় ১লাখ ৮শ১০গৰাকী :

 সমগ্ৰ নামনি অসমৰ ৮খন জিলাত এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হয় ১লাখ ৮শ১০গৰাকী :ইয়াৰে ৮গৰাকী স্থানপ্ৰাপ্ত ,মুঠ উত্তীৰ্ণ হয় ৫৬,১৪০গৰাকী ছাত্ৰ-ছাত্ৰী:নামনিৰ বিদ্যালয় সমূহত উৎসৱ মুখৰ পৰিবেশ।



সুদীৰ্ঘ দিন বাদ-প্ৰতিবাদ আৰু বহু বিতৰ্কৰ মাজত ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে আজি হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছে।এইলৈ এতিয়া নামনি অসমৰ প্ৰতিটো জিলাৰ বিদ্যালয় সমূহত এক বুজাব নোৱাৰা আনন্দ উৎসৱৰ মেলাৰ সৃষ্টি হৈছে শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক সকলৰ মাজত।ইফালে প্রাপ্ত চৰকাৰী এক তথ্যমতে নামনি অসমৰ বঙাইগাঁও, বৰপেটা,বাক্সা,চিৰাং,কোকৰাঝাৰ, ধুবুৰী,গোৱালপাৰা আৰু দক্ষিণ শালমাৰা জিলা সমূহত মুঠ ১,০০৮১০(এক লাখ আঠশ দহ) গৰাকী ছাত্ৰ-ছাত্ৰী পৰীক্ষাত অৱতীৰ্ণ হয়।ইয়াৰে মুঠ ৫৬,১৪০ গৰাকী বিভিন্ন বিভাগত উত্তীৰ্ণ হয়।মুলতঃ ইয়াৰে ৮গৰাকী স্থান লাভ কৰাৰ বিপৰীতে বঙাইগাঁও জিলাত মুঠ ১১,১৪০ গৰাকীৰ প্ৰথম বিভাগত ১,১৭৯ গৰাকী,দ্বিতীয় বিভাগত ২০২৫ জন ,তৃতীয় বিভাগত ১৫৯২ গৰাকী মুঠ ৪৭৯৬গৰাকী উত্তীৰ্ণ হয়।বৰপেটা জিলাত অৱতীৰ্ণ হয় মুঠ ২৩,০৯১গৰাকীৰ প্ৰথম বিভাগত ৪,৬৪৩জন,দ্বিতীয় বিভাগত ৭,১৩৮জন, তৃতীয় বিভাগত ৪,৩৯৯জন মুঠ উত্তীৰ্ণ হয় ১৬,১৮০গৰাকী ছাত্ৰ-ছাত্ৰী।বাক্সা জিলাত মুঠ অৱতীৰ্ণ হয় ১৩,১২৩গৰাকী ।ইয়াৰে প্ৰথম বিভাগত২,২২৫জন ,দ্বিতীয় বিভাগত৩,৮৯০আৰু তৃতীয় বিভাগত২৬২৪জন।মুঠ উত্তীৰ্ণ হয় ৮,৭৩৯গৰাকী।চিৰাং জিলাত মুঠ অৱতীৰ্ণ ৮,৩৬০জন।ইয়াৰে প্ৰথম বিভাগত ৭৪৯জন,দ্বিতীয় বিভাগত ১৪৬২জন আৰু তৃতীয় বিভাগত ৬৫৪গৰাকী।মুঠ উত্তীৰ্ণ হয়২৮৬৫গৰাকী ।কোকৰাঝাৰ জিলাত মুঠ অৱতীৰ্ণ হয় ১৪,৫৪০গৰাকী।ইয়াৰে প্ৰথম বিভাগত ১,২৭৫জিন,দ্বিতীয় বিভাগত ২,৮৮০জন আৰু তৃতীয় বিভাগত ২,৭৩৭গৰাকী।মুঠ উত্তীৰ্ণ হয় ৬,৮৯২গৰাকী।ধুবুৰী জিলাত মুঠ অৱতীৰ্ণ হয় ১৬,৬২৪ গৰাকী।ইয়াৰে প্ৰথম বিভাগত ২,০৮৩জন,দ্বিতীয় বিভাগত ৩,৪৮৩জন,তৃতীয় বিভাগত ২,৪৩৭জন।মুঠ উত্তীৰ্ণ হয় ৮,০০৩গৰাকী।গোৱালপাৰা জিলাত মুঠ অৱতীৰ্ণ হয় ১২,৮৯১জন।ইয়াৰে প্ৰথম বিভাগত ১,৩৫৫জন,দ্বিতীয় বিভাগত ২,৪৪৮জন আৰু তৃতীয় বিভাগত ১,৫০৮গৰাকী।মুঠ উত্তীৰ্ণ হয় ৫,৩১১জন।আৰু দক্ষিণ শালমাৰা জিলাত মুঠ অৱতীৰ্ণ হয় ৪,০৪১জন ।ইয়াৰে প্ৰথম বিভাগত ৭,৮৮জন,দ্বিতীয় বিভাগত ১,৩৩৯জন আৰু তৃতীয় বিভাগত ২,২৭গৰাকী ।মুঠ উত্তীৰ্ণ হয় ২,৩৫৪গৰাকী ছাত্ৰ-ছাত্ৰী বুলি বাটৰিটোত প্ৰকাশ।

✒️বঙাইগাঁও ৰ পৰা ষ্টাফ ৰিপৰ্টাৰ প্ৰফুল্ল কুমাৰ দাস।

MISING LUTAD (NEWS)

MISING ENTERTAINMENT CHANNEL This is based on mising people (tani) for entertaining purpose, music videos, episodes, films on mising entertainment channels. all videos are originals of Mising entertainment channel. and we are trying to exposed our mising culture, language to the globalization world, where we can also present our showcase to the world that we are exist in world as a called MISING COMMUNITY is sub caste of Assam regions in East side of India.

Post a Comment

please do not enter the any spam link in to comment box

Previous Post Next Post