চৰকাৰী কেবিনেটৰ সিদ্ধান্ত অনুসৰি অভিভাৱক মন্ত্ৰী বিমল বৰাৰ চিৰাং জিলাৰ বান গৰাখহনীয়া পৰিদৰ্শন:১০জুলাইৰ ভিতৰত দাখিল কৰিব ক্ষয়- ক্ষতি আৰু সমস্যা সমাধানৰ প্ৰতিবেদন।
ৰাজ্য চৰকাৰৰ যোৱা ২৫ জুনত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকৰ সিদ্ধান্ত অনুসৰি আজি নামনি অসম তথা বিটিএডি এলেকাৰ দায়িত্ব প্রাপ্ত অভিভাৱক ক্ৰীড়া মন্ত্ৰী বিমল বৰাই তেওঁৰ নিজ জিলা চিৰাংত উপস্থিত হয় বান গৰাখহনীয়া আৰু বান বিধস্ত ৰাইজক পৰিদৰ্শন কৰাৰ অৰ্থে।আজি মন্ত্ৰী বিমল বৰাই চিৰাং জিলাত উপস্থিত হৈ প্ৰথমে বিজনী মহুকুমাৰ অতি ক্ষতিগ্ৰস্ত হোৱা ১নং আৰু ২ নং ফাগুণাগাঁও গাওঁৰ খুজৰাপগুৰিৰ আই নৈৰ মথাউৰী পৰিদৰ্শন কৰে।তেওঁ তাৰপৰা বান বিধস্ত ৰাইজৰ আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰে ।আৰু ইয়াৰ মাজতে কামিনি ৰায়ৰ নেতৃত্বত অহা চি পি আই (এম ) ৰ বিজনী লোকেল কমিটিয়ে মন্ত্ৰী বিমল বৰাক সাক্ষাৎ কৰি বান গৰাখহনীয়া আৰু পানী জমা হৈ থকাৰ বিহিত গ্ৰহণৰ অৰ্থে এক আবেদন প্ৰদান কৰে।ইফালে বান পৰিদৰ্শনৰ অন্তত মন্ত্ৰী বিমল বৰাই সাংবাদিকৰ এক সাক্ষাৎ প্ৰসংগত প্ৰকাশ কৰে যে তেওঁ বান বিধস্ত ৰাইজ নিজ বাসভৱন এৰি আশ্ৰয় শিবিৰত থাকিবলগীয়া হোৱাত দুখঃ আৰু আক্ষেপ প্ৰকাশ কৰাৰ লগতে তেওঁ জিলা উপায়ুক্ত আৰু আন আন আমোলা বিষয়া সকলৰ সৈতে হোৱা আলোচনাৰ অন্তত চৰকাৰৰ ওচৰত এক প্ৰতিবেদন দাখিল কৰিব। ইয়াৰ পিছত এই সমস্যা সমাধান হোৱাটো নিশ্চিত বুলি প্ৰকাশ কৰে। তেওঁৰ সৈতে চিৰাং উপায়ুক্ত ,বিজনী সমষ্টিৰ বিধায়ক ,জিলা আৰক্ষী অধীক্ষক আদি বিষয়া নেতাসকল উপস্থিত আছিল বুলি বাতৰিটোত প্ৰকাশ।
বঙাইগাঁও ৰ পৰা ষ্টাফ ৰিপৰ্টাৰ প্ৰফুল্ল কুমাৰ দাস।
Tags:
Assam news