Share on Facebook

বিশ্বৰ প্ৰথমটো গণতান্ত্ৰিক দেশ ভাৰতৰ পঞ্চদশ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হল দ্ৰৌপদী মুৰ্মু: সমগ্ৰ -উত্তৰ পূৰ্বাঞ্চল আৰু নামনি অসমৰ প্ৰতিটো জিলাত ফটকা ফুটাই,বেণ্ডপাৰ্টী বজাই বৃহৎ সমদল

 বিশ্বৰ প্ৰথমটো গণতান্ত্ৰিক দেশ ভাৰতৰ পঞ্চদশ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হল দ্ৰৌপদী মুৰ্মু: সমগ্ৰ -উত্তৰ পূৰ্বাঞ্চল আৰু নামনি অসমৰ প্ৰতিটো জিলাত ফটকা ফুটাই,বেণ্ডপাৰ্টী বজাই বৃহৎ সমদল



বিশ্বৰ প্ৰথমটো গণতান্ত্ৰিক দেশ তথা ভাৰতৰ ৰাইছিনা হল অৰ্থাৎ ৰাষ্ট্ৰপতি ভৱন দখল কৰিলে অৱশেষত বিজেপি নেতৃত্বাধীন মিত্ৰ দলৰ প্ৰাৰ্থী তথা এগৰাকী আদিবাসী মহিলা দ্ৰৌপদী মুৰ্মুয়ে । প্ৰাপ্ত তথ্যমতে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ মুঠ ৭৪৮বৈধ ভোটৰ নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুয়ে লাভ কৰে ৫৪০টা ভোট।আৰু মুঠ ৫,২৩,৬০০মূল্য ভোটৰ দ্ৰৌপদী মুৰ্মুয়ে লাভ কৰে ৩,৭৩,০০০ মূল্য ভোট।ইয়াৰ বিপৰীতে বিৰোধী ৰাষ্ট্ৰপতি প্ৰাৰ্থী যশৱন্ত সিনহায়ে লাভ কৰে ২০৪ ভোট আৰু ১,৪৫,৬০০ ভোটৰ মূল্য ।ইতিমধ্যে ভোট গণনাৰ অন্তত বিজয় হয় ৰাষ্ট্ৰপতি হিচাপে দ্ৰৌপদী মুৰ্মুয়ে ।ইয়াৰ পিছতেই সমগ্ৰ দেশৰ লগতে উত্তৰ পূৰ্বাঞ্চল তথা অসমত বিজেপি মিত্ৰ দল আৰু সুভাকাংশী সকলৰ মাজত ফটকা আতচবাজি আদি ফুটাই দ্ৰৌপদী মুৰ্মুৰ প্ৰতিচ্ছবি লৈ বেণ্ডপাৰ্টি বজাই সমদল কৰা দেখা গৈছে।একেদৰে নামনি অসমতো প্ৰতিটো জিলাত বিজয় উল্লাস কৰা দেখা গৈছে। উল্লেখ যে এন. ডি. এ ৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মু ৰাষ্ট্ৰীয় স্বীকৃতিপ্ৰাপ্ত শিক্ষকতাৰ চাকৰি এৰি ঝাৰখণ্ড ৰাজ্যৰ বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পিছত প্ৰাক্তন পৰিবহন মন্ত্ৰী আৰু সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ লগতে ৰাজ্যপাল হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।এতিয়া পুনৰ দেশৰ প্ৰথমগৰাকী নাগৰিক হিচাপে ৰাষ্ট্ৰপতি নিৰ্বাচিত হল ।ইফালে উক্ত ৰাষ্ট্ৰপতি নিৰ্বাচনত বিৰোধী দলৰ পৰা ২২টা ক্ৰছ ভোটিং হোৱাৰ উত্থাপিত অভিযোগে ৰাষ্ট্ৰ তথা ৰাজ্যৰ ৰাজনীতিত বিশেষ চৰ্চা আৰম্ভ হৈছে বুলি বাতৰিটোত প্ৰকাশ।

MISING LUTAD (NEWS)

MISING ENTERTAINMENT CHANNEL This is based on mising people (tani) for entertaining purpose, music videos, episodes, films on mising entertainment channels. all videos are originals of Mising entertainment channel. and we are trying to exposed our mising culture, language to the globalization world, where we can also present our showcase to the world that we are exist in world as a called MISING COMMUNITY is sub caste of Assam regions in East side of India.

Post a Comment

please do not enter the any spam link in to comment box

Previous Post Next Post