অত্যাৱশ্যকীয় সা-সামগ্ৰীৰ আকাশলংঘী মূল্য বৃদ্বিৰ বিৰুদ্বে ভিপিআই ৰ প্ৰতিবাদ৷
প্ৰমোদ বড়ো-হাগ্ৰামা ভাই ভাই৷ ছেলফি মামা কাম নাই৷ বিজেপি-কংগ্ৰেছ ভাই ভাই৷
দৈনন্দিন ব্যৱহাৰ্য্য সা-সামগ্ৰী,ইন্ধন আৰু খাদ্য-সামগ্ৰীৰ আকাশলংঘী মূল্য বৃদ্বিৰ বিৰুদ্বে শুকুৰবাৰে কোকৰাঝাৰ চহৰস্থিত মহাত্মা গান্ধী উদ্যান(এমজি পাৰ্ক) প্ৰাংগনত ভোটাৰ্ছ পাৰ্টী ইন্টাৰনেছনেল চমুকৈ ভিপিআই দলে এক প্ৰতিবাদী কাৰ্যসূচী ৰুপায়ণ কৰে৷ভিপিআই দলৰ ৰাজ্যিক সভাপতি ললিত পেগুৰ নেতৃত্বত কোকৰাঝাৰ জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা সমৱেত হোৱা দুই শতাধিক প্ৰতিবাদকাৰীয়ে প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণ কৰে৷
সংবাদ মাধ্যমৰ আগত ভিপিআইৰ অসম ৰাজ্যিক সভাপতি ললিত পেগুৱে নিত্য ব্যৱহাৰ্য্য সা-সামগ্ৰীৰ মূল্য বৃদ্বি ৰোধত শাসকীয় বিজেপি দল চূড়ান্তভাৱে ব্যৰ্থ হোৱা বুলি মন্তব্য প্ৰদানৰ লগতে বিগত বিটিচি নিৰ্বাচনৰ সময়ছোৱাত প্ৰমোদ বড়ো আৰু বিধানসভা নিৰ্বাচনৰ সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৱনুৱাক সংস্থাপনৰ প্ৰতিশ্ৰুতি পূৰণত ব্যৰ্থ হৈছে৷গতিকে চৰকাৰৰ মিথ্যাচাৰৰ বিৰুদ্বে অহা পহিলা আগষ্টত ভিপিআই দলে এক বৃহৎ মানৱ শৃংখলৰ জৰিয়তে প্ৰতিবাদ সাৱ্যস্ত কৰিব বুলিও জানিব দিয়ে৷