BREAKING ABHAYAPURI
অভয়াপুৰীত মানাহ নৈৰ বাঢ়নি পানীয়ে প্ৰান ললে এটি সপ্তমমান শ্ৰেনীৰ ছাত্ৰীৰ।
অভয়াপুৰীত মানাহ নৈৰ বাঢ়নি পানীয়ে প্ৰান ললে এটি সপ্তমমান শ্ৰেনীৰ ছাত্ৰীৰ। অভয়াপুৰীৰ বৰজানাৰ মথাউৰি সমীপত সংঘটিত হয় উক্ত শোকাবহ ঘটনা। আজি দুয়োগৰাকী ছাত্ৰীয়ে মথাউৰিটো পাৰ হবলৈ চেষ্টা চলাওতে পিছলি পৰাত মানাহৰ বাঢ়নি পানীয়ে দুয়োকে উটুৱাই লৈ যায়। ঘটনাস্থলীত উপস্থিত থকা স্থানীয় লোকে এগৰাকী ছাত্ৰীক উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও আনগৰাকীৰ মৃতদেহ ১ ঘন্টামান সময়ৰ পিছত স্থানীয় ৰাইজে উদ্ধাৰ কৰে। ঘটনাস্থলীত যোগীঘোপা আৰক্ষী উপস্থিত হয়। উক্ত ঘটনাটোৱে অঞ্চলটোত শোকৰ ছা পেলাইছে।
Tags:
Assam flood