Share on Facebook

কে.এল.অ যোগদান কৰিবলৈ যোৱা ছয় যুৱকৰ নাগালেণ্ড ৰাজ্যত আটক:সাম্প্ৰতিক কোকৰাঝাৰ জিলা আৰক্ষী থানাত ৰাখি তদন্ত আৰু ৰাখিছে জেৰা অব্যাহত।

 কে.এল.অ যোগদান কৰিবলৈ যোৱা ছয় যুৱকৰ নাগালেণ্ড ৰাজ্যত আটক:সাম্প্ৰতিক কোকৰাঝাৰ জিলা আৰক্ষী থানাত ৰাখি তদন্ত আৰু ৰাখিছে জেৰা অব্যাহত।



বিগত তিনি দহকৰো অধিক কালধৰি অসম-পশ্চিমবংগ ৰাজ্যৰ একাংশকলৈ সুকীয়া স্বাধীন কমতাপুৰ ৰাজ্য গঠনৰ অৰ্থে গঠিত হোৱা কমতাপুৰ লিবাৰেচন অফ অৰ্গেনাইজেচন চমুকৈ কে. এল. অ. যোগদান কৰিবলৈ পশ্চিমবংগ ৰাজ্যৰ লগতে নামনি নামনি অসম তথা বিটিএডি এলেকাৰ ৰাজধানী কোকৰাঝাৰ জিলাৰ পৰা মুঠ ছয়জন যুৱক গৈ থকা অৱস্থাত নাগালেণ্ড ৰাজ্যৰ মন জিলাত অসম আৰক্ষী বাহিনীয়ে নাগালেণ্ড আৰক্ষীৰ সহযোগত আটক কৰিবলৈ সক্ষম হয় ।প্ৰাপ্ত বাতৰি মতে কে.এল.অ ত যোগদান কৰিবলৈ গৈ আটক হোৱা যুৱক ছয়জন ক্ৰমে কোকৰাঝাৰ জিলাৰ চৰাইখোলা অঞ্চলৰ বিপ্লব ৰায়(২৪),বিষ্ণু বৰ্মন(১৮),বিশ্বজিৎ ৰায় (৩১)। ইয়াৰোপৰি পশ্চিমবংগ ৰাজ্যৰ মনোজ ৰায়(২৬),অৰ্পণ বৰ্মন(২৫) আৰু তাপছ ৰায়(২৪)বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে। ইতিমধ্যে কোকৰাঝাৰ জিলা সদৰ আৰক্ষী থানাত এক গোচৰ ৰুজু কৰি আৰক্ষীৰ জিম্মাত ৰাখি তদন্ত আৰু জেৰা অব্যাহত ৰাখিছে বুলি বাতৰিটোত প্ৰকাশ।

বঙাইগাঁও ৰ পৰা ষ্টাফ ৰিপৰ্টাৰ প্ৰফুল্ল কুমাৰ দাস।

MISING LUTAD (NEWS)

MISING ENTERTAINMENT CHANNEL This is based on mising people (tani) for entertaining purpose, music videos, episodes, films on mising entertainment channels. all videos are originals of Mising entertainment channel. and we are trying to exposed our mising culture, language to the globalization world, where we can also present our showcase to the world that we are exist in world as a called MISING COMMUNITY is sub caste of Assam regions in East side of India.

Post a Comment

please do not enter the any spam link in to comment box

Previous Post Next Post