বিটিএডি ৰ ৰাজধানী কোকৰাঝাৰ জিলাত উজ্জ্বল ভাৰত উজ্জ্বল ভৱিষ্যত শীৰ্ষক বিজুলী মহোৎসৱ সভা।
ৰাজ্য চৰকাৰৰ বিদ্যুৎ বিভাগ তথা এপিডিচিএল য়ে ৰাজ্যজুৰি স্বাধীনতাৰ ৭৫বৰ্ষৰ অমৃত মহোৎসৱ উপলক্ষে নামনি অসম তথা বিটিএডি এলেকাৰ ৰাজধানী কোকৰাঝাৰ জিলাৰ দেবৰগাঁও খেলপথাৰত আজি উজ্জ্বল ভাৰত উজ্জ্বল ভৱিষ্যত শীৰ্ষক এক বিজুলী মহোৎসৱ অনুষ্ঠিত কৰে।
প্রাপ্ত বাতৰিমতে ৰাজ্যিক বিদ্যুৎ বিভাগৰ কোকৰাঝাৰ জিলাৰ মাণ্ডলিক বিভাগৰ উদ্যোগত অনুষ্ঠিত হোৱা উক্ত বিজুলী মহোৎসৱত বিভাগৰ তৰফৰ পৰা বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰা বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ,কোকৰাঝাৰ পূব সমষ্টিৰ বিধায়ক লৰেন্স ইছলাৰী ,এম চি এল মাধৱ ছেত্ৰী কে ধৰি বিভাগীয় শীৰ্ষ বিষয়া আদিক আৰ নাইৰে সম্বৰ্ধনা জনায়।আৰু বন্তি প্ৰজ্বলন কৰে বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ,বিধায়ক লৰেন্স ইছলাৰী ,বিভাগৰ শীৰ্ষ বিষয়া ধনঞ্জয় জ্যোতি ভূঞা আৰু মাধৱ ছেত্ৰীয়ে ।ইয়াৰ পিছতেই অনুষ্ঠিত হয় এক সভা।সভাত বিটিআৰ প্ৰধান প্ৰমোদ বড়োই কয় পৃথিৱী বা আমাৰ ইয়াত পৰিবেশৰ পৰিস্থিতি পৰিৱৰ্তনৰ বাবে তাপমান বৃদ্ধি পাইছে।এই তাপমান বৃদ্ধিৰ বাবে আমি সজাগতা জানিব লাগিব।তেওঁ কয় সাম্প্ৰতিক বিজেপি চৰকাৰৰ কেন্দ্ৰীয় ৰাজ্য চৰকাৰে স্বাধীনতাৰ ৭৫বৰ্ষৰ অমৃত মহোৎসৱ উপলক্ষে দেশৰ সকলো গাঁও চহৰত বিদ্যুৎ লাভ কৰাটো নিশ্চিত কৰিছে।সেইমতে আমাৰ বিটিএডি এলেকাতো সকলো ৰাইজে বিদ্যুৎ সংযোগৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে বুলি কৈ অন্যান্য সাৰুৱা ভাষণ দিয়ে।সেইমতে আন আন অতিথি সকলেও ভাষণ দিয়ে।সভাত মনোৰঞ্জনৰ বাবে বিভিন্ন জনগোষ্ঠীৰ সাংস্কৃতিক গীত নৃত্য পৰিবেশন কৰে বুলি বাতৰিটোত প্ৰকাশ।
বঙাইগাঁও ৰ পৰা ষ্টাফ ৰিপৰ্টাৰ প্ৰফুল্ল কুমাৰ দাস।