Share on Facebook

পশ্চিমবংগ ৰাজ্যত অতি শক্তিশালী কমতাপুৰ প্ৰগেচিভ পাৰ্টিৰ কেন্দ্ৰীয়-ৰাজ্য চৰকাৰক ধন্যবাদ সূচক মন্তব্যৰে ধুবুৰী জিলা মহাৰাজৰ সমৰ্থনত সংবাদমেল।

 পশ্চিমবংগ ৰাজ্যত অতি শক্তিশালী কমতাপুৰ প্ৰগেচিভ পাৰ্টিৰ কেন্দ্ৰীয়-ৰাজ্য চৰকাৰক ধন্যবাদ সূচক মন্তব্যৰে ধুবুৰী জিলা মহাৰাজৰ সমৰ্থনত সংবাদমেল।



বিগত পাঁচ দহক ধৰি কোঁচ ৰাজবংশী জনগোষ্ঠীটোৱে পৃথক কমতাপুৰ ৰাজ্য গঠন আৰু জনজাতিকৰণৰ দাবীত সংগ্ৰাম কৰি অহাৰ পিছত কেন্দ্ৰীয় ৰাজ্য চৰকাৰৰ কূট ৰাজনৈতিক প্ৰয়োগৰ পৰিপ্ৰেক্ষিতত প্ৰস্তাৱিত কমতাপুৰ ৰাজ্যত কছাৰী ৰাজ্যৰ পৰা বড়ো জনগোষ্ঠীয়ে সাংবিধানিক নীতি তথা অনীতিৰ আধাৰত আত্মনিয়ন্ত্ৰণৰ অধিকাৰকে ধৰি ভূমি অধিকাৰ কৰি নিয়াৰ পিছত এতিয়া নতুনকৈ পুনৰ জাগি উঠিছে।কোঁচ ৰাজবংশী জনগোষ্ঠীৰ বিভিন্ন দল সংগঠন আদি ।ইয়াৰ মাজতে এইবাৰ বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় ৰাজ্য চৰকাৰে পুনৰ ক্ষমতালৈ অহাৰ স্বাৰ্থত পাখা খেল খেলিছে সমগ্ৰ কোঁচ ৰাজবংশী জনগোষ্ঠীৰ মাজত ।ইয়াৰেই আলম লৈ চৈতন্য পন্থীৰ ধৰ্মীয় গ্ৰহণ কৰা মহাৰাজ অনন্ত ৰায়ৰ কান্ধত বন্দুক থৈ এইবাৰ গুলি বৰ্ষণ কৰিছে পশ্চিমবংগ ৰাজ্য তথা মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীলৈ । আৰু এই গুলিৰ চিটিকনি পৰিছে বিটিএডি ত ।মূলতঃ মহাৰাজ অনন্ত ৰায়ৰ মন্তব্যৰ সমৰ্থন জনাই আজি পশ্চিমবংগ ৰাজ্যত অতি শক্তিশালী হৈ পৰা কমতাপুৰ প্ৰগেচিভ পাৰ্টিয়ে নামনি অসমৰ ধুবুৰী জিলাৰ গৌৰীপুৰ ত অৱস্থিত কমতা ভৱনত এক সংবাদমেল আয়োজন কৰে।আৰু উক্ত সংবাদমেলত কেন্দ্ৰ -ৰাজ্য চৰকাৰক দাবী জনাই সংবাদমেলত কি কি প্ৰকাশ কৰিছে জানো আহক।উক্ত সংবাদমেলত সংগঠনটোৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক উত্তম কুমাৰ ৰায়,কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক সন্তোষ কুমাৰ বৰ্মন,ধুবুৰী জিলাৰ সভাপতি নিখিল ৰায়,সম্পাদক যাদৱ চন্দ্ৰ ৰায়,দিলীপ কুমাৰ বৰ্মন আৰু পুলিন চন্দ্ৰ ৰায় আদি উপস্থিত আছিল।



বঙাইগাঁও ৰ পৰা ষ্টাফ ৰিপৰ্টাৰ প্ৰফুল্ল কুমাৰ দাস।

MISING LUTAD (NEWS)

MISING ENTERTAINMENT CHANNEL This is based on mising people (tani) for entertaining purpose, music videos, episodes, films on mising entertainment channels. all videos are originals of Mising entertainment channel. and we are trying to exposed our mising culture, language to the globalization world, where we can also present our showcase to the world that we are exist in world as a called MISING COMMUNITY is sub caste of Assam regions in East side of India.

Post a Comment

please do not enter the any spam link in to comment box

Previous Post Next Post