Share on Facebook

প্ৰেছ বিবৃতি

                                                                প্ৰেছ বিবৃতি



আজি বঙাইগাঁও জিলা পুথিভঁৰালৰ পেক্ষাগৃহত কমতাপুৰ লিবাৰেশ্যন অৰগেনাইজেছনৰ প্ৰাক্তন নেতা তথা সদস্য সকলৰে সৈতে কোচ ৰাজবংশী জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক তথা কেএলঅ আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত হব লগা সাম্ভাৱ্য শান্তি আলোচনাৰ বাবে কেএলঅৰ অধ্যক্ষ জীৱন সিংহ কোচে গঠন কৰি দিয়া শান্তি কমিটিৰ অন্যতম সদস্য বিশ্বজিৎ ৰায় উপস্থিত থকা সতীৰ্থ সন্মিলনৰ জৰিয়তে কেবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাব গ্ৰহণ কৰে ৷ সতীৰ্থ সন্মিলনৰ পিছত এক সংবাদমেলৰ জৰিয়তে বিশ্বজিৎ ৰায়, কেএলঅৰ প্ৰাক্তন নেতা অন্তেশ্বৰ অধিকাৰী, খগেন চন্দ্ৰ ৰায় আৰু ইন্দ্ৰজিৎ ৰায়ে প্ৰস্তাৱ সমূহ সদৰি কৰি কয় য়ে কেএলঅ আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত হব লগা সাম্ভাৱ্য শান্তি আলোচনাক প্ৰাক্তন কেএলঅ সমন্বয়ৰক্ষী কমিটিয়ে আদৰণি জনোৱাৰ লগতে আলোচনাৰ প্ৰক্ৰিয়া যোগাত্মক ভাবে আগুৱাই নিবলৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক বিশেষ পদক্ষেপ লবলৈ আহ্বান জনায়। সভাই মত পোষণ কৰে যে কেএলঅ আৰু কেন্দ্ৰীয় চৰকাৰৰ প্ৰত্যক্ষ শান্তি আলোচনাৰ জৰিয়তেহে কোচ কমতাপুৰ বাসীৰ দীৰ্ঘদিনৰ সমস্যা সমাধান হব ৷ সংবাদমেল যোগে বিশ্বজিৎ ৰায়, অন্তেশ্বৰ অধিকাৰী, খগেন চন্দ্ৰ ৰায় আৰু ইন্দ্ৰজিৎ ৰায়ে স্পষ্ট কৰি দিয়ে য়ে কমতাপুৰ ৰাজ্য গঠন মানে অকল কোচ ৰাজবংসী সকলোৰ সাংবিধানিক সুৰক্ষা বা উন্নয়ন নহয় ৷ কোচ কমতা বাসীয়ে বিটিচি বা বিটিআৰৰ দৰে অকল এটা জনগোষ্ঠীৰ অধিকাৰ সাব্যস্ত কৰাৰ দৰে শাসন ব্যৱস্থা বিচৰা নাই ।



কোচ কমতা বাসীয়ে বিশ্ব সিংহ, মহাৰাজ নৰনাৰায়ণৰ আৰু বিশ্ব মহাবীৰ চিলাৰায়ৰ ঐতিহাসিক কমতাপুৰত যিসমূহ জাতি-জনগোষ্ঠীয়ে সমমৰ্যাদাৰে বসবাস কৰি আহিছে তেওঁলোকে মুঠেও শংকিত হোৱাৰ কোনো কাৰণ নাই ৷ কাৰণ শান্তি চুক্তিৰ জৰিয়তে প্ৰস্তাবিত পৃথক কোচ কমতাপুৰত সকলো জাতি-জনগোষ্ঠীৰ ৰাজনৈতিক, আৰ্থসামাজিক, শৈশিক, ভূমি অধিকাৰ, চাকৰিৰ নিযুক্তি আদিৰ লজতে সংবিধান প্ৰদত্ত সকলো অধিকাৰ সুৰক্ষিত থকাতো আমি বিচাৰো ৷ সতীৰ্থ সন্মিলনে দুখ প্ৰকাশ কৰি কয় য়ে কোচ কমতাবাসী উন্নয়ন নিবিচৰা এচাম দল-সংগঠন আৰু ৰাজনৈতিক ব্যক্তি বিশেষে কেএলঅ শান্তি আলোচনাৰ জৰিয়তে মূলসুঁতিলৈ ঘুৰি অহাতো নিবিচাৰে ৷ তেওঁলোকে নিজকে জাতিৰ ত্ৰাণকৰ্তা বুলি জাহিৰ কৰাৰ লগতে সস্তীয়া জনপ্ৰিয়তাৰ বাবে মিছা কথাৰে ৰাইজক বিভ্ৰাট কৰাৰ লগতে আভুৱা ভৰি কেএলফৰ শান্তি আলোচনাক ব্যাঘাত জন্মাবৰ বাবে এইদৰে প্ৰতিক্ৰিয়াশীল মন্তব্য কৰিছে ৷ এয়া সচাই দুখজনক আৰু পৰিতাপৰ বিষয়। সংবাদমেল যোগে কোচ কমতাপুৰৰ ঐতিহাসিক পটভূমি তথা ১৯৪৯ চনৰ ২৮ আগষ্ট তাৰিখে ভাৰত আৰু কমতাপুৰৰ মাজত হোৱা মাৰ্জৰ চুক্তিৰ বিষয়ে নূন্যতম জ্ঞান নথকা কিছুমান তথাকথিত বুদ্ধিজীৱী, ৰাজনৈতিক ব্যক্তি আৰু সংগঠনে কমতাপুৰ ৰাজ্য গঠনক বিৰোধিতা আৰু এক ইঞ্চি মাটি এৰি নিদিম বুলি কৰা মন্তব্য হাস্যকৰ ৷ কোচ ৰাজবংশী সকলে ঐতিহাসিক ভিত্তিত আৰু ভাৰত বৰ্ষৰ সাৰ্বভৌমত্বৰ ভিতৰতে থাকি, ভাৰতৰ সংবিধানৰ গণ্ডীৰ ভিতৰতে কমতাপুৰ ৰাজ্য বিচাৰিছে ৷ কোচ কমতাপুৰ বাসীয়ে কাৰো এক ইঞ্চি মাটি কাঢ়ি পৃথক ৰাজ্য বিচৰা নাই। কমতাপুৰ কোচ কমতা বাসীৰ প্ৰাপ্য অধিকাৰ ৷ কোচ কমতাপুৰ বাসীৰ দীৰ্ঘদিনীয়া দাবী সমাধানৰ ক্ষেত্ৰত কোচ ৰাজবংশী জনগোষ্ঠীৰ দল-সংগঠন আৰু ব্যক্তিবিশেষক প্ৰতিক্ৰিয়াশীল মন্তব্য নকৰিবলৈ আহ্বান আনায়। সংবাদমেল যোগে বিশ্বজিৎ ৰায় আৰু প্ৰাক্তন কেএলঅ নেতা অন্তেশ্বৰ অধিকাৰী, খগেন চন্দ্ৰ ৰায় আৰু ইন্দ্ৰজিৎ ৰায়ে জনগোষ্ঠীটোৰ বৃহত্তৰ স্বাৰ্থত কোচ ৰাজবংশী জনগোষ্ঠীৰ সকলো সংগঠনক ঐক্যবদ্ধ হবলৈ আহ্বান আনায়।


বঙাইগাঁও ৰ পৰা ষ্টাফ ৰিপৰ্টাৰ প্ৰফুল্ল কুমাৰ দাস।

MISING LUTAD (NEWS)

MISING ENTERTAINMENT CHANNEL This is based on mising people (tani) for entertaining purpose, music videos, episodes, films on mising entertainment channels. all videos are originals of Mising entertainment channel. and we are trying to exposed our mising culture, language to the globalization world, where we can also present our showcase to the world that we are exist in world as a called MISING COMMUNITY is sub caste of Assam regions in East side of India.

Post a Comment

please do not enter the any spam link in to comment box

Previous Post Next Post