নামনি অসমৰ বঙাইগাঁও জিলাত বিজেপি দলৰ ৰাজ্যিক মহিলা মৰ্চাৰ কেন্দ্ৰীয় দ্বিতীয় কাৰ্যনিৰ্বাহক সভা সামৰণি।
ভাৰতীয় জনতা পাৰ্টি চমুকৈ অসম বিজেপি দলৰ ভগ্নী সংগঠন অসম ৰাজ্যিক মহিলা মৰ্চাৰ কেন্দ্ৰীয় দ্বিতীয় বাৰ্ষিক কাৰ্যনিৰ্বাহক সভাখন নামনি অসমৰ কেন্দ্ৰ বিন্দুস্বৰূপ বঙাইগাঁও জিলা সদৰ চহৰত অৱস্থিত জিলা পুথিভঁৰাল প্রেক্ষাগৃহত এদিনীয়া বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত হয়।সেইমতে আজি ৰাতিপুৱা ৯:০০বজাত দলীয় পতাকা উত্তোলন কৰে মহিলা মৰ্চাৰ কেন্দ্ৰীয় সভানেত্ৰী আঙুৰলতা ডেকাই।ইয়াৰ পিছত বৃক্ষৰোপন, পণ্ডিত দীনদয়াল উপাধ্যায় আৰু ডঃ শ্যামা প্ৰসাদ মুখাৰ্জীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলি জনায় মন্ত্ৰী-বিধায়ক,নেতা-কৰ্মী সকলে ।সভাত ৰাজ্যিক কোষাধ্যক্ষ শ্ৰীমতী উপাসনা বৰাই বৰগীত পৰিবেশন কৰে।সভাত জিলা মৰ্চাৰ সভানেত্ৰী হিমানী অধিকাৰীয়ে আদৰণি ভাষণ আৰু কেন্দ্ৰীয় সভানেত্ৰী আঙুৰলতা ডেকাই প্ৰস্তাৱিত ভাষণ দিয়ে।উক্ত সভাতে মন্ত্ৰী ৰঞ্জিত দাস,কেন্দ্ৰীয় সভাপতি ভৱেশ কলিতা আৰু কেন্দ্ৰীয় সাংগঠনিক সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মা,বিধায়িকা সুমন হৰিপ্ৰিয়া আদিয়ে ভাষণ দিয়ে।সভাত ভাৰতীয় জনতা পাৰ্টীৰ নীতি আৰু আদৰ্শ শীৰ্ষক এক বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত হয়।ইয়াৰ আগতে যোৱাকালি ৰাতিপুৱা বাঘেশ্বৰী মন্দিৰত পৰিদৰ্শন আৰু আশীৰ্বাদ গ্ৰহণ কৰে ।পিছতে জিলাখনৰ বিভিন্ন ক্ৰীড়াবিদ,সমাজকৰ্মী,জ্যেষ্ঠ নাগৰিকক সাক্ষাৎ কৰি সম্বৰ্ধনা জনায়।সন্ধিয়া ৰাজ্যিক কাৰ্যনিৰ্বাহ ক সভা অনুষ্ঠিত হয়।আৰু সভাই কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰে বুলি বাতৰিটোত প্ৰকাশ।
