Share on Facebook

বিজনীত নিখিল ভাৰত কৃষক সভাৰ একাদশ জিলা সন্মিলন

 বিজনীত নিখিল ভাৰত কৃষক সভাৰ একাদশ জিলা সন্মিলন





আজিৰে পৰা দুই দিনীয়া কাৰ্যসূচীৰে নিখিল ভাৰত কৃষক সভাৰ ব
ঙাইগাঁও-চিৰাং জিলাৰ একাদশ জিলা সন্মিলন  অনুষ্ঠিত হয়।
আজি দিনৰ ২ বজাত উক্ত সন্মিলন উপলক্ষে বিজনীৰ পাইকাৰী সৱজী বজাৰত এখন মুকলি সভাৰ আয়োজন কৰে। উক্ত সভাত উপস্থিত থাকি বক্তব্য ৰাখে নিখিল ভাৰত কৃষক সভাৰ অসম ৰাজ্যিক কমিটিৰ সভাপতি কমৰেড গজেন বৰ্মন, কৃষক সভাৰ অসম ৰাজ্যিক কমিটিৰ যুটীয়া সম্পাদক কমৰেড আজিযুৰ ৰহমান, নিপেন দাস আৰু চিআইটিইউৰ অসম ৰাজ্যিক কমিটিৰ সম্পাদক মণ্ডলীৰ সদস্য কমৰেড পৰিমল চক্ৰৱৰ্তী। আজিৰ সভাৰ সভাপতিত্ব কৰে জিলা সভাপতি শৰৎ দাস লগতে উপস্থিত থাকে জিলা সম্পাদক সত্য পাঠক। আজিৰ সভাত উপস্থিত থাকি অসম ৰাজ্যিক কমিটিৰ সভাপতি কমৰেড গজেন বৰ্মন সংবাদ মাধ্যমৰ সন্মুখত ছয় জনগোষ্ঠী লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে কেন্দ্ৰীয় চৰকাৰে এই ছয় জনগোষ্ঠীক  প্ৰতাৰণা কৰিলে । ২০১৪ চনত বিজেপি চৰকাৰে ৬ মাহৰ ভিতৰত ছয় জনগোষ্ঠীক জনজাতি কৰণৰ প্ৰতিশ্ৰুতি দি আজি এই ছয় জনগোষ্ঠীৰ এটা জনগোষ্ঠীক জনজাতি নকৰিলে আৰু এই জনগোষ্ঠীৰ জনজাতি কৰন অতি সোনকালেই কৰিব লাগে বুলি  দাবি উত্থাপন কৰে । লগতে কৃষক সকলৰ সমস্যা সমাধানৰ বাবে দাবি উত্থাপন কৰে ।

    ষ্টাফ ৰিপৰ্টাৰ বঙাইগাঁও প্ৰফুল্ল কুমাৰ দাস।


MISING LUTAD (NEWS)

MISING ENTERTAINMENT CHANNEL This is based on mising people (tani) for entertaining purpose, music videos, episodes, films on mising entertainment channels. all videos are originals of Mising entertainment channel. and we are trying to exposed our mising culture, language to the globalization world, where we can also present our showcase to the world that we are exist in world as a called MISING COMMUNITY is sub caste of Assam regions in East side of India.

Post a Comment

please do not enter the any spam link in to comment box

Previous Post Next Post