বিলাসীপাৰাত উপস্থিত কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা।
বেলতলীত ভূমি কেন্দ্ৰীক সংঘাতত মৃত্যু হোৱা ছফিল উদ্দিন সেখৰ ঘৰত উপস্থিত হয় মন্ত্ৰী গৰাকী।
বেলতলীত ভূমি কেন্দ্ৰীক সংঘাতত মৃত্যু হোৱা ছফিল উদ্দিন সেখৰ পৰিয়াল লৈ প্ৰদান কৰে ৫ লাখ টকাৰ চেক।
ধুবুৰী জিলাৰ বিলাসীপাৰা বেলতলীত যোৱা ২১ আগষ্টত ভূমি কেন্দ্ৰীক সংঘাতত উদণ্ড লোকৰ নিৰ্মম প্ৰহাৰত মৃত্য হৈছিল ছফিল উদ্দিন সেখৰ। সেখৰ মৃত্যুৰ পিছতেই সম্পূৰ্ণ ৰূপে অশান্ত হৈ পৰিছিল সমগ্ৰ বিলাসীপাৰা। ইতিমধ্যে ঘটনাৰ লগত জড়িত ১৪ জনকৈ ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। বিলাসীপাৰাৰ উক্ত ঘটনাক লৈ কঠোৰ হৈছে অসম চৰকাৰ। যোৱা ২ ছেপ্টেম্বৰত ঘটনাৰ বুজ ল'বলৈ বিলাসীপাৰাত উপস্থিত হৈছিল দুই কেবিনেট মন্ত্ৰী ক্ৰমে ৰঞ্জিত দাস আৰু বিত্ত মন্ত্ৰী অজন্তা নেওগ।মংগলবাৰ দিনা কোকৰাঝাৰৰ কেবিনেট বৈঠকৰ পিছত পুনৰ বিলাসীপাৰাত উপস্থিত হয় ধুবুৰী জিলাৰ নৱ নিযুক্ত অভিভাবক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা। অভিভাবক মন্ত্ৰী গৰাকীক গৰীয়া মৰিয়া দেশী জাতীয় পৰিষদ,আক্ৰাছু,নাথ যোগী ছাত্ৰ সন্থাৰ লগতে বিজেপিৰ কৰ্ম কৰ্তা সকলে বিশাল বাইক ৰেলিৰে আদৰণি জনোৱা হয় মন্ত্ৰী গৰাকীক। মন্ত্ৰী গৰাকীয়ে কয় যে খিলঞ্জীয়াৰ ওপৰত অত্যাচাৰ কোনোপধ্যে সহ্য কৰা নহব। সংবাদ মাধ্যমত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আৰু কয় যে, বদৰুদ্দিন আজমলৰ দৰদ কেৱল অনুপ্ৰবেশকাৰীক লৈ। খিলঞ্জীয়াক লৈ কোনো চিন্তা নকৰে বদৰুদ্দিন আজমলে। মন্ত্ৰী গৰাকীক সংগ দিয়ে বিজেপিৰ প্ৰাক্তন বিধায়ক অশোক কুমাৰ সিংহী,KAC ৰ বিষয় ববীয়া, বিজেপি কৰ্ম কৰ্তা সকলে বিভিন্ন দল সংগঠনে।
