কোকৰাঝাৰ অনুষ্ঠিত হোৱা কেবিনেট বিটিআৰ চুক্তি ৰূপায়ণৰ সিদ্ধান্ত।
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰৰ বিটিএডি ৰ ৰাজধানী কোকৰাঝাৰত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত কেন্দ্ৰীয় ৰাজ্য চৰকাৰ আৰু সদৌ বড়ো ছাত্ৰ সন্থা চমুকৈ এবছু আৰু এন ডি এফ বি ৰ বিটিআৰ চুক্তিমতে বড়োৰাজ্য ৰাজ্য চৰকাৰে দহখন মহাবিদ্যালয় চৰকাৰীকৰণ কৰিব ।কিন্তু উক্ত দহখন মহাবিদ্যালয়ৰ যাৱতীয় ব্যয় নিৰ্ধাৰিত হব বিটিআৰ অনুমোদিত প্ৰাপ্ত ধনৰ ৰাশিৰে ।আৰু বিটিএডি এলেকাত প্ৰতিটো দহ কিলোমিটাৰ কৈ ৫০০ পথ নিৰ্মান কৰিব।অৱশ্যে প্ৰথম বছৰ ২৫০ টা আৰু পৰৱৰ্তী বৰ্ষত ২৫০ পথ নিৰ্মান কৰিব।আজি কেবিনেটে আন এক সিদ্ধান্ত গ্ৰহণ কৰে যে বিটিএডি এলেকাৰ মহাবিদ্যালয় সমূহত অধ্যাপক নিযুক্তিৰ ক্ষেত্ৰত কোনো সংৰক্ষণ নাথাকিব ।যদি অনুসূচীত জাতিৰ অধ্যাপকে আন বিষয়ৰ উপৰি বড়ো ভাষাৰ অভিজ্ঞতা থাকে তেওঁ বড়ো মাধ্যমত পাঠদান কৰিব পাৰিব।কিন্তু উক্ত অধ্যাপক গৰাকী পি এইচ ডি ডিগ্ৰী থাকিব লাগিব।আৰু দুটা পদত চাকৰি কৰিব পাৰিব বুলি ঘোষণা কৰে।
