ধেমাজি বিধান সভা সমষ্টিৰ গোগামুখ ৰাজহ চক্ৰৰ নাহৰবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত পুৰণা ভীমপৰা মথাউৰি-২২নং গোগামুখ ঢকুৱাখনা ৰাজ্যিক ঘাই পথ সংযোগী গ্ৰাম্য পথৰ জৰাজীৰ্ণ ৰূপ।ভাৰতে স্বাধীনতা পালে ঠিকেই কিন্তু বৃহত্তৰ গোগামুখ নাহৰবাৰী ৰাইজৰ বিশেষ উন্নয়ন বুলিবলৈ নাই ৰাস্তা বূলিব নোৱাৰি পাহাৰলৈ উঠি যোৱা একা বেকা বাট বুলি ক'ব পাৰি। বছৰ বছৰ এনেদৰে যাতায়তৰ ব্যৱস্থা গ্ৰহণ কৰি আহিছে বৃহত্তৰ গোগামুখ নাহৰবাসী ৰাইজ।
ধেমাজি বিধান সভা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ শিক্ষা মন্ত্ৰী ডা:ৰনোজ পেগুৰ উন্নয়নৰ ফটা ঢোলৰ দৃশ্য এইয়া। লগতে মিচিং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াৰ পৰিষদীয় সমষ্টিৰ উন্নয়নৰ জৰাজীৰ্ণ দৃশ্য এইয়া
পাঁচ কিলোমিটাৰ দৈৰ্ঘ্যৰ উক্ত গ্ৰাম্য পথেৰে চল্লিশখনৰো অধিক জনসাধাৰণে অহা যোৱা কৰে।কেইটামান বল্ডাৰ পাৰিয়েই দায়িত্ব সামৰি বছৰ বছৰ ধৰি বৃহত্তৰ নাহৰবাৰী ৰাইজক অৱহেলিত কৰাৰ অভিযোগ উত্থাপিত হৈছে।কেৱল নাহৰবাসী ৰাইজক ভোট বেংকৰ স্বাৰ্থত বিধায়ক মন্ত্ৰী সকল নিৰ্বাচনৰ সময়ত আহে এই ৰাস্তাইদি,কিন্তু নিৰ্বাচন গুচি যোৱাৰ পাছত নিৰ্বাচনত দিয়া প্ৰতিশ্ৰুতিবোৰ প্ৰতিশ্ৰুতি হয়েই ৰৈ যায়।
বিধায়ক তথা শিক্ষামন্ত্ৰী ডা:ৰনোজ পেগু,এমএচিৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া, অনেক আবেদন নিবেদন দিয়াৰ পিছতো সুচল ৰাস্তা এটি পাবলৈ সক্ষম নোহোৱাৰ গুৰুত্বৰ অভিযোগ উত্থাপিত কৰিছে বৃহত্তৰ নাহৰবাসী ৰাইজ।অতি শীঘ্ৰে উক্ত গ্ৰাম্য পথটি পুনৰ নিৰ্মাণ কৰি দিবলৈ আহ্বান জনাইছে বৃহত্তৰ নাহৰবাসী ৰাইজে।
