Share on Facebook

গোগামুখ আবতানি লত্তাত তিনি মিচিং জাতীয় সংগঠন TMPK,MMK,TMMK ধেমাজি জিলা অধিৱেশনৰ দিন সলনি সন্দৰ্ভত সংবাদ মেল।

 গোগামুখ আবতানি লত্তাত তিনি মিচিং জাতীয় সংগঠন TMPK,MMK,TMMK ধেমাজি জিলা অধিৱেশনৰ দিন সলনি সন্দৰ্ভত সংবাদ মেল।





আজি গোগামুখ আবতানি লত্তাত তিনি মিচিং জাতীয় সংগঠন TMPK,MMK,TMMK ধেমাজি জিলা অধিৱেশনৰ দিন সাল সলনি সন্দৰ্ভত সংবাদ মেল অনুষ্ঠিত কৰা হয়৷অসমৰ অন্যতম জনজাতি জনগোষ্ঠী মিচিং জাতিৰ জাতীয় সংগঠন TMPK,MMK,TMMK ধেমাজি জিলা সমিতিৰ ক্ৰমে পঞ্চদশ,একাদশ আৰু দ্বাদশ জিলা অধিৱেশনখনি ১৫,১৬ আৰু ১৭ অক্টোবৰ ২০২২ তাৰিখে তিনি দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে চিচিমুখ বালিকা উচ্চ মাধ্যমিক খেলপথাৰত অনুষ্ঠিত কৰাৰ কথা আছিল যদিও অতিপাত বৰষুণৰ ফলত অধিৱেশন অনুষ্ঠিত হ’ব লগীয়া স্থানত পানীৰে ভৰি পৰাত জিলা অধিৱেশনখনি প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি জিলা সমিতিৰ জৰুৰী কৰ্ণাধাৰ বৈঠকৰ সিদ্ধান্ত অনুযায়ী ২১,২২ আৰু ২৩ অক্টোবৰ ২০২২ তাৰিখলৈ পিছুৱাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি আজি সংবাদ মেল যোগে জানিবলৈ দিয়ে৷ সংবাদ মেল যোগে জনোৱা মতে জিলা সমিতিৰ অন্তৰ্গত সকলো আঞ্চলিক সমিতি,সন্মানীয় প্ৰতিনিধি বৰ্গ,কেন্দ্ৰীয় নেতৃবৃন্দ,আমন্ত্ৰিত অতিথি আৰু ৰাইজক পূৰ্ব নিৰ্ধাৰিত স্থান আৰু সময় সূচী অনুসৰি অহা ২১,২২ আৰু ২৩ অক্টোবৰ ২০২২ তাৰিখত জিলা অধিৱেশনত যোগদান কৰিবলৈ সংবাদ মেল যোগে অনুৰুধ জনোৱা হৈছে৷ জাতীয় জনগোষ্ঠীয় সন্মানীয় নেতৃবৃন্দকো ২৩ তাৰিখৰ মুকলি সভাত পূৰ্ব্ব উল্লেখিত সময় সূচী অনুসৰি অংশ গ্ৰহণ কৰিবৰ বাবে ধেমাজি জিলা সমিতিয়ে সশ্ৰদ্ধাৰে আহ্বান জনোৱা হৈছে।

MISING LUTAD (NEWS)

MISING ENTERTAINMENT CHANNEL This is based on mising people (tani) for entertaining purpose, music videos, episodes, films on mising entertainment channels. all videos are originals of Mising entertainment channel. and we are trying to exposed our mising culture, language to the globalization world, where we can also present our showcase to the world that we are exist in world as a called MISING COMMUNITY is sub caste of Assam regions in East side of India.

Post a Comment

please do not enter the any spam link in to comment box

Previous Post Next Post