শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বঙাইগাঁও জিলাৰ অন্তৰ্গত কটাশবাৰী প্ৰাথমিক শাখাত ৰাজ্য চৰকাৰৰ অসম দৰ্শন আঁচনিৰ অধীনত লাভ কৰা ধনৰাখিৰে নিৰ্মাণ সমাপ্ত হোৱা মণিকূট আৰু নাটঘৰ উদ্ধোধন কৰে জিলা সদন সদস্য ফুলচৰণ পাঠক বাপে আৰু সংঘৰ ধৰ্মৰ ধ্বজা উত্তোলন কৰে প্ৰাথমিকৰ সভাপতি অৰূপ দাস বাপে ইয়াৰ পিছতেই জিলা সভাপতি অতুলচৰণ দাস বাপৰ পৰিচালনাত নাম প্ৰসংগ আৰম্ভ হয়।আৰু বঙাইগাঁও জিলা আই মাতৃ আৰু শিশু কল্যান সমিতিৰ পৰিচালনাত আইসকলৰ নাম অনুষ্ঠিত হয় । ইয়াৰ পিছত প্ৰাথমিক শাখাৰ সভাপতি অৰূপ দাস বাপৰ সঞ্চালনাত অনুষ্ঠিত হোৱা সভাত ভাষণ দিয়ে প্ৰাক্তন জিলা সভাপতি তথা নামঘৰটোৰ ভূমি দাতা অমৰেন্দ্ৰ দাস বাপ,বঙাইগাঁও জিলা শাখাৰ উপদেষ্টা অমলেন্দু দাস বাপ,ধনঞ্জয় দাস বাপ,জিলা শাখাৰ প্ৰাক্তন উপ সভাপতি পৰেশ চন্দ্ৰ পাটগিৰি বাপ ,জিলা শাখাৰ সম্পাদক অজিত চৌধুৰী বাপ আৰু গোৱালপাৰা জিলাৰ পৰা অহা দুগৰাকী বাপ আদিয়ে।উক্ত সভাখন উদ্বোধন কৰে জিলা শাখাৰ উপ সভাপতি তথা আদৰণি সমিতিৰ সভাপতি অনিল ৰায় বাপে । সভাত মণিকূট, নাটঘৰ,ভূমি দাতা পৰিয়াল আদিক সম্বৰ্ধনা জনায়।
বঙাইগাঁওৰ পৰা ষ্টাফ ৰিপৰ্টাৰ প্ৰফুল্ল কুমাৰ দাস।