Share on Facebook

নৱনিৰ্বাচিত কোচ ৰাজবংশী সাহিত্য পৰিষদৰ কেন্দ্ৰীয় কমিটিৰ শপত গ্ৰহণ

 নৱনিৰ্বাচিত কোচ ৰাজবংশী সাহিত্য পৰিষদৰ কেন্দ্ৰীয় কমিটিৰ শপত গ্ৰহণ ২ অক্টোবৰ তাৰিখে দুৰ্গাপূজা তথা জাতিৰ পিতা মহাত্মা গান্ধীৰ পবিত্ৰ জন্মজয়ন্তীৰ দিনা বঙাইগাঁও জিলাৰ ঐতিহাসিক দেৱদাৰু নগৰী তথা বিজনী ৰাজ্যৰ ৰাজধানী অভয়াপুৰি সাহিত্য ভৱণত অনুষ্ঠিত হয় ।



নৱনিৰ্বাচিত সভাপতি- অমৃত ভূষণ ফৌজদাৰ (কাকৈজনা, বঙাইগাঁও) কাৰ্যকৰী সভাপতি নৃপেন চন্দ্ৰ ৰায় (সৃজনগ্ৰাম)

মানিক দত্ত (বিজনী) প্ৰধান সম্পাদক উপেন বৰুৱা (অভয়াপুৰি) নৱনিৰ্বাচিত সভাপতি অমৃত ভূষণ ফৌজদাৰক শপত বাক্য পাঠ কৰায় কোচ ৰাজবংশী জাতীয় পৰিষদৰ সভাপতি বিমল কুমাৰ বৰ্মন

আৰু আন আন বিষয়ববীয়া আৰু সদস্য সকলোক শপত বাক্য পাঠ কৰায় কোচ ৰাজবংশী সাহিত্য পৰিষদৰ নৱনিৰ্বাচিত সভাপতি অমৃত ভূষণ ফৌজদাৰে ৷

শপত গ্ৰহণ আৰু কাৰ্যভাৰ গ্ৰহণৰ আগে আগে এগছি বন্তি প্ৰজ্বোলন কৰে অমৃত ভূষণ ফৌজদাৰ, বিমল কুমাৰ বৰ্মন, নৃপেন চন্দ্ৰ ৰায়, উপেন বৰুৱা আৰু মানিক দত্ত। শপত গ্ৰহণৰ কাৰ্যসূচীত কোচ ৰাজবংশী জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক তথা আক্ৰাছুৰ প্ৰাক্তন সভাপতি বিশ্বজিৎ ৰায় আৰু সহকাৰী সাধাৰণ সম্পাদক ভূপেন ৰায় উপস্থিত থকা শপত গ্ৰহণ অনুষ্ঠানৰ পিছতে কোচ ৰাজবংশী সাহিত্য পৰিষদৰ সভাপতি অমৃত ভূষণ ফৌজদাৰৰ সভাপতিত্বত প্ৰথমখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় ৷ সভাৰ উদ্দেশ্য বাখ্যা কৰে নৱনিৰ্বাচিত সাধাৰণ সম্পাদক উপেন বৰুৱাই। কাৰ্যনিৰ্বাহক সভাই সাহিত্য পৰিষদৰ সংবিধান, প্ৰতীক চিহ্ন, সংবিধান, ব্যাকৰণ, অনুবাদ সাহিত্য, শিশুসাহিত্যি, প্ৰাথমিক বিদ্যালয়ত পাঠদান কৰিব পৰাকৈ পাঠ্যপুথি প্ৰস্তুত কৰাৰ বাবে উপসমিতি গঠন কৰি দিয়াৰ লগতে শিক্ষানুষ্ঠান সমূহত কোচ ৰাজবংশী ভাষাৰ উপযুক্ত শিক্ষক গঢ়ি তুলাৰ বাবে কোচ ৰাজবংশী ভাষা চাৰ্টিফিকেট কোৰ্চ (Koch Rajbongshi Language Certificate Course) খুলাৰ বাবে সিদ্ধান্ত লয় ৷ এই সম্পৰ্কে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে বিশ্বজিৎ ৰায়ক আহ্বায়ক (Coordinator) আৰু মানিক দত্ত (বিজনী), চিত্তৰঞ্জণ ৰায় (সৃজনগ্ৰাম), উমেশ ৰায় (উত্তৰ শালমাৰা).  বিমলেন্দু বৰ্মনক (বইটামাৰী) লৈ পাঁচজনীয়া আহ্বায়ক কমিটি গঠন কৰি দিয়ে বুলি প্ৰেছ বিবৃতি যোগে কোচ ৰাজবংশী সাহিত্য পৰিষদৰ নৱনিৰ্বাচিত প্ৰধান সম্পাদক উপেন বৰুৱায়। কোচ ৰাজবংশী সাহিত্য পৰিষদৰ নৱনিৰ্বাচিত কমিটিখনক অভিনন্দন আৰু অসম বাসী ৰাইজক শাৰদীয় দুৰ্গাপূজা আন্তৰিক শুভেচ্ছা জনায় কোচ ৰাজবংশী জাতীয় পৰিষদৰ সভাপতি বিমল কুমাৰ বৰ্মন, সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায় আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক ভূপেন ৰায়ে।


বঙাইগাঁও ৰ পৰা ষ্টাফ ৰিপৰ্টাৰ প্ৰফুল্ল কুমাৰ দাস।

MISING LUTAD (NEWS)

MISING ENTERTAINMENT CHANNEL This is based on mising people (tani) for entertaining purpose, music videos, episodes, films on mising entertainment channels. all videos are originals of Mising entertainment channel. and we are trying to exposed our mising culture, language to the globalization world, where we can also present our showcase to the world that we are exist in world as a called MISING COMMUNITY is sub caste of Assam regions in East side of India.

Post a Comment

please do not enter the any spam link in to comment box

Previous Post Next Post