Share on Facebook

নামনী অসমৰ বঙাইগাঁও জিলাৰ বৰ্ষনগাঁও চিলাৰায় সমন্বয় ক্ষেত্ৰ লাই খুটা স্থাপন আৰু ৰাজহুৱা সভা।

 নামনী অসমৰ বঙাইগাঁও জিলাৰ বৰ্ষনগাঁও চিলাৰায় সমন্বয় ক্ষেত্ৰ লাই খুটা স্থাপন আৰু ৰাজহুৱা সভা।



উত্তৰ পূব ভাৰতৰ সৰ্ববৃহৎ ধৰ্মীয়,বৈপ্লৱিক,সামাজিক,সাংস্কৃতিক, শৈক্ষিক আৰু অৰ্থনৈতিক জাতীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উদ্যোগত আৰু বঙাইগাঁও জিলা শাখাৰ অতিথ্যত কেন্দ্ৰীয় ভাবে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৪ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ আৰু নাট সমাৰোহ ভাগি এইবেলি বৰ্ষনগাঁও চিলাৰায় সমন্বয় ক্ষেত্ৰত অহা ১৬আৰু ১৭ অক্টোবৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হব।সেইয়ে উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি আজি বৰ্ষনগাঁও চিলাৰায় সমন্বয় ক্ষেত্ৰত পবিত্ৰ লাই খুটা স্থাপন কৰে জিলা সভাপতি অতুল চৰণ দাস বাপে ।ইয়াৰ পিছতে জিলা সভাপতি অতুল চৰণ দাস বাপৰ সঞ্চালনাত অনুষ্ঠিত হোৱা এক ৰাজহুৱা সভাত শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ গুৱাহাটী শাখাৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ডঃ জগত চন্দ্ৰ কলিতা বাপ ,কোকৰাঝাৰ জিলা কেন্দ্ৰীয় (মূলৰ) সদস্য  নিৰেন চন্দ্ৰ ৰায় বাপ,কোকৰাঝাৰ জিলা সভাপতি ঠাকুৰ সিং ৰায় আৰু বঙাইগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি অজিত দাস আদিয়ে শ্ৰীমন্ত শংকৰদেৱৰ আলোকপাত কৰি সাৰুৱা ভাষণ দিয়ে।সভাখন উদ্বোধন কৰে জিলা সম্পাদক অজিত চৌধুৰী বাপে।একেদৰে আদৰণি সমিতিৰো এক কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়।

MISING LUTAD (NEWS)

MISING ENTERTAINMENT CHANNEL This is based on mising people (tani) for entertaining purpose, music videos, episodes, films on mising entertainment channels. all videos are originals of Mising entertainment channel. and we are trying to exposed our mising culture, language to the globalization world, where we can also present our showcase to the world that we are exist in world as a called MISING COMMUNITY is sub caste of Assam regions in East side of India.

Post a Comment

please do not enter the any spam link in to comment box

Previous Post Next Post