মিচিং লুতাড সংবাদ--
মাৰঘেৰিটাত দুজনকৈ কিশোৰী নিখোঁজ, স্থানীয় সমাজত তীব্ৰ উৎকণ্ঠা
মাৰঘেৰিটা অঞ্চলত দুজনকৈ কিশোৰী নিখোঁজ হোৱাৰ ঘটনাই সমগ্ৰ অঞ্চলজুৰি গভীৰ উৎকণ্ঠা আৰু চিন্তা সৃষ্টি কৰিছে।
ছেপ্টেম্বৰ ১ তাৰিখৰ পৰা লাজুমৰ ১ নম্বৰ গাঁৱৰ আইচা খাতুন আৰু বালুখাদৰ শুভা দাস নামৰ দুজন কিশোৰীৰ কোনো খবৰ পোৱা হোৱা নাই। শুভা দাসে লাজুমৰ এটাকৈ গৃহত গৃহকৰ্মী হিচাপে কৰ্মৰত আছিল। সংবাদ অনুসৰি, সেই দিনা দুপৰীয়া প্ৰায় ১ বজাত শুভা দাসে নিজৰ ঘৰলৈ উভতি যাবলৈ যাত্ৰা কৰাৰ সময়ত তেওঁৰ লগত আইচা খাতুনো গৈছিল। তাৰপাছত এতিয়ালৈকে দুয়োৰে কোনো সন্ধান পোৱা হোৱা নাই। দুয়োৰ পৰিয়ালেই বহুদূৰলৈ অনুসন্ধান চালি থাকিলেও কোনো তথ্য পোৱা হোৱা নাই। ইতিমধ্যে পৰিয়ালসমূহে মাৰঘেৰিটা আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে, কিন্তু এতিয়ালৈকে তদন্তত উল্লেখযোগ্য কোনো অগ্ৰগতি হোৱা নাই।প্ৰশাসন আৰু আৰক্ষীয়ে জনসাধাৰণক অনুৰোধ জনাইছে যে, যিকোনো ব্যক্তিৰে যদি এই কিশোৰী দুজনৰ বিষয়ে কোনো তথ্য থাকে, তেন্তে নিকটৱৰ্তী আৰক্ষী চকীত জানিবলৈ বা ৮০১১৭৬২৪৮৪ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হৈছে।
এই ঘটনাই অঞ্চলত মহিলাৰ সুৰক্ষা সম্পৰ্কীয় চিন্তা পুনৰ একবাৰ উত্থাপন কৰিছে। স্থানীয় লোকসকলে তীব্ৰ অসন্তোষ প্ৰকাশ কৰি দ্ৰুত আৰু কার্যকৰী পদক্ষেপ লোৱাৰ বাবে প্রশাসন আৰু আৰক্ষী বিভাগৰ প্ৰতি আহ্বান জনাইছে।
Tags:
CRIME & CRIMINAL